পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সংগ দোষ বৰ বেয়া বস্তু। একেটিয়েই পো তাকো যদি নষ্ট হয় কি হ’ব। এই কথা সদায় যদুৰ মাকে মনত ৰাখে। যদুৰ অমায়িক ব্যৱহাৰ স্কুলৰ শিক্ষকসকলো বৰ সন্তুষ্ট। সদায় তাক ভাল হ’বলৈ আশীৰ্বাদ দিয়ে।

 এইদৰে সি দোপত-দোপে আগবাঢ়ি গ’ল তাৰ স্কুলৰ দেওনা পাৰ হৈ কলেজ পালেগৈ। কলেজতো মাকে অতি কষ্টৰে তাক পঢ়ুৱালে। সিয়ো ৰাতিপুৱা গধুলি টিউচন কৰে। এইদৰে চলি যায়। এনেকৈয়ে এদিন সি বি.এছ. চি. পাছ কৰিলে আৰু চাকৰি পায় মানে টিউচন কৰিয়েই ঘৰখন চলাবলৈ ধৰিলে। ইফালে মাকৰো বয়স হৈ আহিল। আগৰ দৰে কাম-বন কৰিব নোৱাৰা হ’ল।

 এদিনৰ কথা। সেইদিনা আছিল ৰবিবাৰ। যদু টিউচন কৰি বজাৰ কৰিবলৈ বুলি ওলাই গৈছিল। এনেতে এটা লেডিজ বেগ বাটতে পৰি থকা দেখিবলৈ পালে। যদুৱে ভাবিলে এই বেগটো বুটলি নি গৃহস্থক চমজাই দিব। নহ’লে বেলেগ মানুহৰ হাত লাগিলে কি হ’ব? সেয়েহে বেগটো লৈ ভয়ে ভয়ে ঘৰ পালেগৈ আৰু কঁপিবলৈ ধৰিলে। সি ভাবিলে কোনোবাই যদি তাক চোৰ বুলি কয়, কি হ’ব? সেয়েহে বেমাৰী মাকক সি কথাটো ক’লে আৰু অতি সৎ স্বভাৱৰ মাকে বেগটো খুলি চাই দেখে এটা দামী ম’বাইল আৰু নানান নথি-পত্ৰকে আদি কৰি টকা অলপো আছে আৰু সোণৰ বস্তু দুই- এপদো তিৰ্‌বিৰাই থকা দেখিবলৈ পালে।

 যদুৰ মাক আচিৰত হল আৰু তাক লগে লগে থানাত বেগটো দিবলৈ ক’লে। যদুৱেও দৌৰি-দৌৰি আহি বেগটো থানাত দিলে। থানাৰ পুলিচে ফোনটোত থকা নম্বৰ এটালৈ ফোন কৰি জনাই দিলে যে বেগটো থানাতে আছে। আচৰিত কথা যে বেগটো এগৰাকী অতি উচ্চ পৰ্যায়ৰ চাকৰিয়ালৰ আছিল। তেখেতে আহি বেগটো চালে আৰু ক’লে - ‘ক’তা একো হানি- বিঘিনি হোৱা নাই। যেনেকৈ আছে তেনেকৈয়ে পোৱা গৈছে। ’ কোনে এই বেগটো পাইছিল সোধ-পোচ কৰি মানুহগৰাকীয়ে যদুৰ ঘৰতে গৈ লগ কৰিলে আৰু নানান উপহাৰ দিবলৈ বিচাৰিলে। কিন্তু যদুৱে একো উপহাৰ ল’বলৈ মান্তি নোহোৱাত শিক্ষাগত অৰ্হতাৰ কথা জানি এটা ভাল চাকৰি দিলে। সেইদিনাৰপৰা সি সুখে-সন্তোষে দিন কটাবলৈ ধৰিলে।

গতিকে সৎ পথত চলিলে ভগৱানেও সহায় কৰে।

জোনবাইৰ দেশৰ সাধু
৪১