পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভুল ধৰিয়েই থাকে। মনৰ বেজাৰতে ছোৱালীজনী শুকাই খনাই যাবলৈ ধৰিলে। কুকিৰ এজনী বৰ মৰমৰ মেকুৰী আছিল। তাই নাম মিলি। মিলি যেন তাইৰ একমাত্ৰ লগৰীয়া। তাই কুকিৰ কোঁচতে সোমাই তাইৰ মুখলৈ চাই চকুপানী টুকিছিল। কুকিয়ে যেন মিলিৰ মৰমতে জীয়াই আছিল। তাকে দেখি কুকিৰ মাহীমাকে যেন মেকুৰী জনীকো সহ্য কৰিব নোৱাৰা হ'ল আৰু মুখৰ ভিতৰতে ভোৰভোৰাই থাকে— এইজনী কাম নাই বন নাই কেৱল মেকুৰীজনী লৈয়ে ব্যস্ত। ৰ, এইক মই মজা দিম। আন এদিনৰ কথা। কুকি মাহীমাকে কুকি নথকা অৱস্থাত মেকুৰীজনী এটা মোনাত ভৰাই কোনেও নেদেখাকৈ এখন নৈৰ সিপাৰে থৈ আহিল। মিলিয়েও কুকিক ওচৰত নাপাই মনৰ বেজাৰত চকুপানী টুকিলে। ইফালে নৈখনো পাৰ হ’ব নোৱাৰে। আনহাতে কুকিয়ে মিলিক হেৰুৱাৰ দুখত নাখাই নবৈ জুপুকা মাৰি বহি থাকিল আৰু মাজে মাজে চিঞৰি উঠে, “মিলি আহ্ আহ্, তই ক'লৈ গ'লি। ” কিন্তু কোনেও একো উত্তৰ নিদিয়ে। সকলো নিমাত।

 এনেকৈ দিন গৈ মাহ উকলিল। এদিন মিলিয়ে কেনেকৈ নৈ খন পাৰ হৈ কুকিক লগ পাব তাৰ চিন্তাতে নৈৰ কাষত বহি আছে। এনেতে তাই এটা কাছ পানীত সাঁতুৰি থকা দেখিবলৈ পালে। লগে লগে মিলিয়ে মাত লগালে— কাছ ককাই, কাছ ককাই, মোক এটা উপকাৰ কৰিব পাৰিবনে? মই বৰ বিপদত পৰিছো। কাছই প্ৰথমে অমান্তি হৈছিল, কাৰণ উপকাৰীক অজগৰে খায়। কিন্তু পিছত ভাবিলে, গুণ নহ'লেও ধৰ্ম হ'ব। বেচেৰি বা কি বিপদত পৰিছে? এ, আমি জীয়াই থাকোতেই যদি ইজনে-সিজনক সহায় কৰিব নোৱাৰো তেন্তে জীয়াই থকাৰ লাভ কি? এই বুলি ভাবি কাছটোৱে মিলিক ক’লে তুমি যদি সঁচাকৈ বিপদত পৰিছা, তেন্তে মোৰ পিঠিৰ চলং টোতে উঠা। কিন্তু সাৱধান, ইফাল-সিফাল কৰিলে ৰক্ষা নহ'ব।

 কাছটোৰ কথা শুনাৰ পিছত মিলিয়ে আকাশখন ঢুকি পোৱা যেন লাগিল। কাছটোৰ পিঠিত উঠি দি চকু দুটা মুদি দিলে। কাৰণ মেকুৰীয়ে পানীলৈ বৰ ভয় কৰে। এনেদৰে আহি আহি মিলি নৈৰ পাৰ পালেহি আৰু এনে উপকাৰ কৰা কাৰণে কাছক বহুত ধন্যবাদ দিলে। মিলি নৈ পাৰ হোৱাৰ

জোনবাইৰ দেশৰ সাধু
১০