পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মিলিৰ মৰম

 এসময়ত সৌ পাহাৰটোৰ সিপাৰে এখন নৈ আছিল। সেই নৈখনৰ পাৰত এখন বৰ ধুনীয়া গাঁও আছিল গাঁওখনৰ মানুহবোৰ বৰ কৰ্মী। প্ৰত্যেক ঘৰতে নিজাকৈ একোখন শাকপাচলিৰ বাৰী আৰু ধানৰ ভঁৰাল আছিল। সেইহে মানুহবোৰে বৰ সুখে শান্তিৰে বাস কৰিছিল। সেই গাঁওখনত কুকি নামৰ এজনী ছোৱালী আছিল। তাই বৰ মৰম লগা। তাইৰ সৰুতেই মাক ঢুকাল। মাক ঢুকুৱাৰ পিছত তাই বৰ আমন-জিমন কৰি থাকে। সেয়ে দেউতাক বৰ বিপদত পৰিল। তাইক চোৱা-চিতা কৰিবৰ কাৰণেই দেউতাকে পুনৰ এজনী ছোৱালী বিয়া কৰালে। দেউতাকে ভাবিছিল কুকিয়ে মাহীমাকৰ ওচৰত হেৰুৱা মাকক বিচাৰি পাব। কিন্তু কি আচৰিত! কুকিৰ মাহীমাকে মৰম কৰা দূৰৈৰে কথা, তাইক অনবৰতে গালি পাৰি থাকে। খোজে প্ৰতি

জোনবাইৰ দেশৰ সাধু