সমললৈ যাওক

পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


 

ৰাজু আৰু ভূতৰ সাধু

 এখন দেশত ৰাজু নামৰ এজন ল'ৰা আছিল। তাৰ বয়স চৈধ্য বছৰ। সি সপ্তম শ্ৰেণীত পঢ়ে। তাৰ ব্যৱহাৰ পাতি বৰ ভাল। সেয়েহে তাক ওচৰ চুবুৰীয়া সকলোৱেই বৰ মৰম কৰে। কেৱল যে পঢ়া-শুনা, খেলা-ধুলাতেহে সি পাৰ্গত তেনে নহয়। তাতোকৈ ডাঙৰ কথা ল'ৰাটো বৰ সাহসী। খেলত

যদি কোনোবাই অন্যায় কৰে তেন্তে সি শুদাই নেৰে। তাৰ ওচৰত কোনেও মিছা কথা কৈ সাৰি যাব নোৱাৰে। পঢ়া-শুনাৰ মাজতো সময় উলিয়াই সি দুখীয়া দেউতাকক খেতি খোলাতো সহায় কৰে।

 এদিনৰ কথা। ৰাজুৰ দেউতাক ঘৰৰ পৰা অলপ দূৰৈত কাউৰীয়ে কা-কা কৰাৰ আগতেই শোৱাপাটী এৰি হাল বাবলৈ গৈছে। সেইদিনা আছিল

জোনবাইৰ দেশৰ সাধু
১২