পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বালিত গা ধোৱা চৰাই

 ঘনচিৰিকা এবিধ বৰ সহজ সৰল সৰু চৰাই। ইহঁত জাক পাতি থাকে। মানুহৰ ঘৰৰ আশে-পাশে থাকে কাৰণে ইহঁতক ঘৰচিৰিকা বুলি কোৱা হয়। আকৌ ঘনাই ঘনাই চিৰিক্ চিৰিক্ কৈ মাতি থকাৰ কাৰণে ইহঁতক ঘনচিৰিকা বুলিও কোৱা হয়। এই চৰাইটোৰ আকাৰ দীঘল প্ৰায় পাঁচৰ পৰা ছয় ইঞ্চিৰ ভিতৰত হ’ব। মতা আৰু মাইকী দেখাত একেই যদিও গাৰ ৰঙৰ কিছু পাৰ্থক্য আছে। মতাটোতকৈ মাইকীজনী সামান্য সৰু আৰু গাৰ ৰং সমানে পাতল। মতাটোৰ ঠোঁটৰ গুৰি অংশৰ পাখি আৰু চকুৰ চাৰিওফালৰ পাখিবোৰৰ ৰং অলপ ক’লা। পেট ফালৰ ৰং বগা। আৰু নেজৰ ফাললৈ ক’লা মিহলি ৰঙৰ।

জোনবাইৰ দেশৰ সাধু
২৯