পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হালধি আনি পটাত পিহি ৰিকিৰ দুখ পোৱা ভৰিটোত লগাই দিলে আৰু দুদিনতে তাই সুস্থ হৈ উঠিল। ইয়াৰ পিছত তাইৰ কি যে ৰং। পিছত চুমুহঁতৰ আগফালে থকা জাৱৰৰ দ'মটোত ৰিকিয়ে জঁপিয়াই জঁপিয়াই জাঁবৰ খুচৰি খুঁচৰি আহাৰ বিচাৰিবলৈ ধৰিলে।

 চুমুয়ে দূৰৈৰ পৰা সেই দৃশ্য চাই বৰ আনন্দ পালে। ইয়াৰ কিছু সময়ৰ পিছত ৰিকিৰ কোনো মাত বোল নাই। নাই যি নায়েই। তাই ক'লৈ গ'ল কোনেও ক'ব নোৱাৰে। এইদৰে কেইবাদিনো পাৰ হৈ গ'ল কিন্তু ৰিকিৰ কোনো খা খবৰ নাই। অবশেষত চুমু ফেকুৰী উঠিল আৰু চিঞৰি চিঞৰি গাবলৈ ধৰিলে-

শালিকী এ লথৌ থৌ
এইখিনিতে আছিলে
জাৱৰ খুঁচৰি
কোনে বাৰু লৈ গ'ল
টেটু মুঁচৰি।

 এইদৰে কান্দি কান্দি চমু্‌ ভাগৰি পৰিল, কিন্তু বিকিক আৰু দেখা নাপালে।

২২
জোনবাইৰ দেশৰ সাধু