পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আদৰি আনিছে। নানা তৰহৰ ফটকা ফুটাইছে। কিন্তু ৰাজুহঁতৰহে তেনেকৈ খৰচ কৰিবলৈ নোজোৰে। গতিকে সি দুখীয়া দেউতাকৰ ওচৰত আক্ষেপো নকৰে। সেইহে সি ওচৰৰ তাৰ লগৰ ল'ৰা, মহাজনৰ পুতেক ৰুবুহঁতৰ ঘৰলৈ যাবৰ কাৰণে মাক-দেউতাকৰ ওচৰত নানান কাকুতি মিনতি কৰিলে। প্ৰথমতে দেউতাকৰ তাক যাবলৈ দিবলৈ মনেই নাছিল। পিছত কান্দি কাটি থকা দেখি মাকে ৰাজুহঁতৰ ঘৰলৈ পঠিয়াই দিলে।

 মহাজনৰ ঘৰত টকাৰ অভাৱ নাই। গতিকে নানা তৰহৰ বোমা আনিছে আৰু ঘৰত মিঠাই বিলাইছে। তাকে চাই ৰাজুৱে মনত বৰ স্ফূৰ্তি পালে। বোমাবোৰ এটা এটা কৈ ৰুবুয়ে ফুটাবলৈ ধৰিলে। যিমানেই বোমাৰ শব্দ হয় সিমানেই ৰাজুৱে হাত চাপৰি বজাই জপিয়াবলৈ ধৰে। এনেকৈ আনন্দ স্ফূৰ্তি কৰি থাকোতে হঠাতে এটা ঘটনা ঘটি গ’ল। কোনেয়ো ধৰিবই নোৱাৰিলে।

 ৰুবুৱে বোমা এটা ফুটাই লৰমাৰি আহোতেই কিনো জুতিত ফটকাটো আহি ৰাজুৰ চকুৰ ওচৰত পৰিল আৰু সি চিঞৰ মাৰি দিলে। অলপ পৰৰ পিছত তাৰ চকুহাল ৰঙা হৈ গ'ল আৰু বিষত সি আটাহ পাৰি কান্দিবলৈ ধৰিলে। মাক-দেউতাক দৌৰ মাৰি আহিল আৰু ওচৰৰ ডাক্তৰ খানালে লৈ গ'ল। ডাক্তৰে একো উৱাদিহ নাপাই গুৱাহাটীৰ ডাঙৰ ডাক্তৰৰ ওচৰলৈ পঠিয়ালে। পিছে কি হ’ব? ৰাজুৱে দেউতাকৰ তেনে কোনো টকা নাই। ইফালে মহাজনৰ পুতেকে এনে ঘটনা ঘটোৱাৰ পিছতো তেওঁলোকৰ কোনো সহানুভূতিয়েই নাই। ৰামুৰ দেউতাকে নানান কাকূতি মিনতি কৰাৰ পিছত চহৰলৈ যাবলৈ মাত্ৰ কেইটামান টকা মহাজনে দিলে। তাকে লৈ ৰাজুৰ দেউতাক গুৱাহাটী পালেগৈ। কিন্তু হ’ব কি? গুৱাহাটীৰ ডাক্তৰেও উপায় নেদেখি বাহিৰলৈ নিবলৈ ক'লে। তাৰ পিছত তেওঁলোকে চাৰিফালে অন্ধকাৰ দেখিলে। কি হ'ব বুলি ঘৰলৈ আহিল। কিন্তু ৰাজুৱে মন ভাঙি নিদিলে। সি নিজৰ ভিতৰতে মনটো ডাঠ কৰি চকু নাথাকিলেও মানুহ হোৱাৰ সপোন দেখিলে। আনকি মাক-দেউতাকক সি মনত সাহস গোটাবলৈ ক'লে। ভাগ্যত যি আছে তাকে হ'ব বুলি মাকে চকুপানী টুকিলে। অৱশেষত দেউতাকে তাৰ মনৰ আগ্ৰহ দেখি অন্ধ বিদ্যালনত নাম লগাই দিলে। সি তাত পঢ়া-শুনা কৰি দোপতদোপে আগবাঢ়ি যাবলৈ ধৰিলে। তাৰ কণ্ঠটি বৰ সুন্দৰ। এবাৰ

জোনবাইৰ দেশৰ সাধু
৪৬