পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিন্তু একান্ত মনে গছৰ ডাল কাটি থকাৰ কাৰণে একোৱেই গম পোৱা নাছিল।

 অলপ সময়ৰ পিছত সি তললৈ চাই দেখে যে এডল মস্ত অজগৰ। তাৰ সোঁভৰিটো ক্ৰমান্বয়ে গিলি যাবলৈ ধৰিছে। তাৰ অলপ অলপ ভয়ো লাগিছে কি কৰিব এতিয়া। তাৰ মনলৈ এটা বুদ্ধি আহিল। এই হাবিৰ মাজত সি কাকো নাপায়। গতিকে নিজকে নিজে বচাব লাগিব। নহ'লে বেমাৰী মা- দেউতাৰ কি হ'ব? সেইহে সি মনটো ডাঠ কৰি ঈশ্বৰৰ নাম স্মৰণ কৰি হাতত থকা দা খনেৰে অজগৰটোৰ মুখৰ দুয়োটা কাষ অৰ্থাৎ কোৱাৰী দুটা ফালি দিলে আৰু লগে লগে ভৰিটো জোৰেৰে অজগৰৰ মুখৰ পৰা উলিয়াই আনিলে। সি দেউতাকৰ মুখত শুনিছিল যে অজগৰে বস্তু সন্মুখত থকাটোহে গিলি খায়। সেইহে সি দাখন তাতে পেলালে আৰু গছৰ পৰা নামি দৌৰিবলৈ ধৰে। কিন্তু সি দৌৰিব নোৱাৰে। কাৰণ ইতিমধ্যে সোঁভৰিটো একেবাৰে অৱশ হৈ পৰিছে। তথাপি ফোপাঁই-ফোপাঁই, দুপিয়াই-দুপিয়াই অজগৰটোৰ পিছফালৰ পৰা দৌৰিবলৈ ধৰিলে। গৈ গৈ সি লেবেজান হৈ পৰিল। অৱশেষত এখন গাঁৱৰ মানুহ এঘৰত সোমাল আৰু ভৰিটোত পানী ঢালিবলৈ ধৰিলে। অলপ সময়ৰ পিছত ভৰিটোলৈ অলপ জোৰ আহিল আৰু কেনেকৈ সি অজগৰৰ মুখৰ পৰা নিজকে বচালে সকলো কথা সেই মানুহ ঘৰৰ আদহীয়া মানুহজনক ক’লে।

 সেই মানুহজন বৰ মৰমীয়াল আছিল। তেওঁ ৰমেনক চাইকেলত উঠাই তাৰ ঘৰলৈ লৈ গ'ল আৰু বেমাৰী মাক-দেউতাকক সকলো কথা বিৱৰি ক'লে। মাক-দেউতাকে সেই কথাটো শুনি বুকু কঁপি উঠিল আৰু ল’ৰাটো অজগৰৰ মুখৰ পৰা বাচি অহাত ভগৱানক ধন্যবাদ দিলে। পিছদিনা কথাটো চাৰিওফালে ৰৈ বৈ গ'ল। অসম চৰকাৰেয়ো কথাটো জানিব পাৰি ১৫ আগষ্ট দিনা ৰমেনক নগদ দহহাজাৰ টকাৰে সাহসীকতাৰ বঁটা প্ৰদান কৰিলে।

গতিকে সাহসী লোকৰ ক'তো মৰণ নাই।

জোনবাইৰ দেশৰ সাধু
৪৪