পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মৰুভূমিহে। ভেঁকুলী সাধাৰণতে পানী থাকিলেহে পোৱা যায়। সেয়ে দুয়ো ডাঙৰৰ কথা পেলাব নোৱাৰি সেমেনা-সেমেনি কৰি আগবাঢ়িল ভেঁকুলীৰ সন্ধানত। এনেকৈ দুয়ো গৈ আছে, গৈ আছে। নাই, কোনো ভেঁকুলীৰ দেখা দেখি নাই। তথাপি চেষ্টা এৰি দিয়া নাই। এনেদৰে গৈ গৈ এখন নৈত বাঁহৰ এখন সাঁকো পালে। ৰামুয়ে খবৰ পালে যে সাঁকো খন পাৰ হ’লে এটা দ’ পুখুৰী পৌৱা যাব আৰু তাতেই ভেঁকুলী পাব। সেয়ে দুয়ো কথা মতেই কামত আগবাঢ়িল। ৰাজু কিন্তু সাহসী। সি অনায়াসে সাঁকোখন পাৰ হ’ল। ৰামুয়ে ভয়তে কঁপিবলৈ ধৰিলে। তথাপি বাঁহত ধৰি-ধৰি, ৰৈ-ৰৈ ঈশ্বৰৰ নাম লৈ কোনোমতে পাৰ হ’ল।

 পাৰ হৈয়ে ৰামুৱে পুখুৰীটোত দেখা পালে এটা ধুনীয়া নোদোকা ভেঁকুলী। পল এটাৰে চাব মাৰি দিওতেই ধৰিব পাৰিলে। এতিয়া আন এটা ভেঁকুলীৰ বাবে খাপ পিতি থাকিল। আকৌ এইবাৰ এটা ভেঁকুলী দেখি দৌৰ মাৰি যাওতেই ভেঁকুলী জাপ মাৰি পলাল। অৱশেষত বহুত কষ্টৰ পিছত আন এটা ভেঁকুলী যেনেতেনে ধৰি আনিলে আৰু খুব সাৱধানে তাহাঁতক আহাৰ খুৱাই ৰাখিলে। কাৰণ এদিনৰ পিছতে সিহঁতৰ বিয়া।

 বিয়া দিনা ৰভাখন বোৱাৰী জীয়াৰী সকলোৱে মিলি ধুনীয়াকৈ সজালে। সিহঁতক পাই কোনে? মাহ হালধি পিহি ভেকুলী দুটাক নোৱাই ধুৱাই ৰভা তলিলৈ আনিলে। সিহঁতক মালা পিন্ধাই, ভেকুলী জনীক সেন্দুৰৰ ফুট দি ৰভাৰ মাজত বহুৱালে আৰু জাউৰীয়ে জাউৰীয়ে বিয়া নাম জুৰিলে—

ভেঁকোলা ভেঁকুলীৰ বিয়া হে
বৰুণ দেউ বৰষুণ দিয়া হে।

 দৰা খহুলা ভেকুলীক “বে”ৰ অৰ্থাৎ চাৰিটা কলপুলি মাজত দৰালৈ অনা মাহ-হালধিৰে নোৱাই ধুৱাই আয়তী সকলে জাউৰিয়ে জীউৰিয়ে বিয়া নাম গাইছে—

“ৰাম ৰাম খহুলা ভেকুলীৰ.......
ৰাম ৰাম বিয়াখন পাতিছে....
হৰি মোৰ ঐ ৰাইজে বেৰি বেৰি চাই—হে’

 আনহাতে কইনা খহুলীক “বে”ব মাজত লৈ কইনা ফালৰ আয়তীসকলে গাইছে—

জোনবাইৰ দেশৰ সাধু
২৪