পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চেষ্টাৰ অসাধ্য একো নাই

 বহুদিনৰ আগৰ কথা। সেই অৰণ্যখনৰ সিতো দাঁতিত এখন গাঁও আছিল। সেই গাঁৱত এজন খেতিয়কে বাস কৰিছিল। পত্নী আৰু এটি পুত্ৰ সন্তানেৰে সৈতে তেওঁ অতি সুখেৰে দিন কটাইছিল। দিনটো অশেষ পৰিশ্ৰম কৰি ৰাতি অতি সুখেৰে টোপনি যায়। এনেকৈ সুখেৰে বাস কৰাৰ পিছত তেওঁলোকৰ সংসাৰলৈ অমাৱস্যাৰ আন্ধাৰ নামি আহিল। দুখীয়াৰ দুখ যেন নুগুচেই। ভাগ্যৰ লিখন নহয় খণ্ডন।

 খেতিয়ক জনৰ একমাত্ৰ সন্তানটোৰ নাম ৰামু। এটা সুন্দৰ স্বাস্থ্যৰ নিপোটল ল'ৰা। পঢ়া শুনাতো বৰ ভাল। সি প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ। এটা অতি বাধ্য আৰু গুণী-জ্ঞানী ল’ৰা।

 সেইদিনা আছিল সোমবাৰ। দীপাৱলী। ওচৰৰ সকলো মানুহেই দীপাৱলী পাতিছে। অসংখ্য মাতিৰ চাকি জ্বলাই মানুহে যেন পোহৰৰ দেৱীক

জোনবাইৰ দেশৰ সাধু
৪৫