পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গ'ল। সেয়েহে তাই মাকক বৰকৈ খাতনি ধৰিলে। তাইকো যেনে তেনে তেনেকুৱা এজনী মেকুৰী আনি দিবই লাগিব। নহ'লে তাই ভাত পানী নাখায়। এতিয়া মাক বৰ বিমোৰত পৰিল আৰু এটা উপায় উলিয়াবলৈ ধৰিলে।

 আন এদিনৰ কথা। চিম্পীৰ মাকে কথাটো ভাবি থাকোতে মনত এটা দুষ্ট বুদ্ধি খেলালে আৰু এটা উপায় উলিয়ালে যে দোকামোকালিতে শোৱাৰ পৰা উঠি মুমুহঁতৰ চন্দ্ৰমুখীক মোনা এটাতে ভৰাই মনে-মনে লৈ আহিল। প্ৰথমতে চিম্পীয়ে বেয়া পাইছিল। কাৰণ মাকে বাৰু বান্ধৱীৰ ঘৰৰ মেকুৰীজনীহে আনিব পাৰিলেনে? কিন্তু পিছত তাইয়ো আনন্দত নাচিবলৈ ধৰিলে। মুমুৱে মেকুৰীজনীক হেৰুৱাই কান্দিবলৈ ধৰিলে। প্ৰথমতে ভাবিলে, গাড়ীৰ যি উৎপাত গাড়ীৰ আগতেই তাইৰ প্ৰাণ গ’ল নে কি? নাই তাইৰ মনটোৱে শান্তি পোৱা নাই। ইফালে চন্দ্ৰমুখীয়ে কান্দি কান্দি নাখাই নবৈ খীনাই-শুকাই যাবলৈ ধৰিলে। কিন্তু উপায় নাই তাইক যদিও চিম্পীহঁতে মৰম কৰিছে তথাপি মুমুলৈ মনত পেলাই আমন জিমনকৈ থাকে। তৰহে তৰহে বস্তু মুখৰ আগত দিলেও তাই নাখায়। তাইৰ চকুত কেৱল চকুপানী।

 এনেকৈয়ে দিন গৈ মাহ হৈছে। চন্দ্ৰমুখীৰ কোনো খবৰেই নাই। কেইদিনমানৰ পিছত মুমুৱে চিম্পীৰ জন্মদিন খাবলৈ সিহঁতৰ ঘৰলৈ আহিল। মুমুক দেখা পায়েই চন্দ্ৰমুখীয়ে উলাহতে নেগুৰ জোকাৰি জোকাৰি মেওঁ মেওঁ কৰি তাইৰ ভৰিৰ ওচৰত ইফাল-সিফাল কৰিবলৈ ধৰিলে। মুমুক দেখি তাই যেন স্বৰ্গহে ঢুকি পালে। তাইৰ আচৰণে যেন বহুত কথাই কৈ পেলালে। কিন্তু মুমুৰ মন সেমেকি উঠিল, আই ঐ দেহি! এয়া দেখোন চন্দ্ৰমুখী। জন্মদিনৰ বিভিন্ন কেক মিঠাই মুখৰ আগত সজোৱাতে থাকিল। তাই আৰু খাব নোৱাৰিলে। তাই চিধাই ঘৰলৈ লৰ মাৰিলে। লগে লগে চন্দ্ৰমুখীয়ো লৰ মাৰি যাবলৈ ধৰোতেই চিম্পীৰ মাকে বাধা দিয়াত মাকৰ হাতে মুখে আঁচুৰি ৰঙা কৰি পেলালে। তাৰ পিছত মাকক চিকিৎসালয়লৈ লৈ যোৱা হ'ল। এসপ্তাহ চিকিৎসাধীন হৈ থাকিব লগা হ'ল। এই ছেগতে চন্দ্ৰমুখী মুমুৰ ঘৰ পালেগৈ।

 লোকৰ বস্তু মোহ কৰিলে কিমান বিপদ হ'ব পাৰে তেতিয়াহে চিম্পীৰ মাকে বুজি পালে। ইফালে মুমুৱে চন্দ্ৰমুখীক পাই আনন্দত আত্মহাৰা হৈ পৰিল।

জোনবাইৰ দেশৰ সাধু
১৬