পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মিলিজুলি দিন কটাম। কথা মতেই কাম। এনেকৈ দুয়ো জনীয়ে সখী পাতিলে আৰু হাবিৰ মাজত ওমলি-যামলি ঘাঁহ বন খাই ফুৰিবলৈ ধৰিলে।

 আন এদিনৰ কথা। ভবানী নামৰ হাতী জনীয়ে লখিমিক ক’লে– তুমি বৰ গহীন। তুমি বাৰু একেবাৰেই নাহাঁহা নেকি? তেতিয়া লখিমিয়ে ক’লে সখী কিয় তেনেকৈ ক’লা? পৰীক্ষা চাবা। তেতিয়া ভবানীয়ে ক’লে ঠিক আছে মই আজি হহুয়ামেই হহুৱাম। আমি এনেকৈ হাঁহি হাঁহি জীয়াই থাকিম। এই বুলি ভবানীৰ শুঁড় ডালেৰে গঁড়জনীক ভাকুটকুটাই দিলে। কি, কি আচৰিত! লখিমী একেবাৰে নীৰৱ আৰু নিতাল। তাই যেন একোৱেই ক’ব নোৱাৰে। তেতিয়া ভবানীয়ে লখিমীক কঠুৱা বুলি ধিক্কাৰ দিলে। এনেকৈয়ে দিন গৈ মাহ উকলিল। ইয়াৰ ছমাহ মানৰ পিছত লখিমীয়ে অকলে অকলে খেলখেলাই হাঁহি আছে। ভবানীয়ে দূৰৈৰ পৰা দেখি আচৰিত হ’ল আৰু মনতে ভাবিলে কিবা হ’ল!

 তেতিয়া ভবানীয়ে ক’লে- কি হ’ল অ’ লখিমী? লখিমীয়ে একো উত্তৰ দিব পৰা নাই। মাথোন হাঁহিয়েই আছে। তেনেতে ভবানীয়ে ভাবিলে- ইয়াৰ পৰা যোৱাই ভাল হ’ব। নহ’লে এই কি কৰে ঠিক নাই। এনেতে লখিমীয়ে ক’লে, সখী, সখী নাযাবা ৰ’বা। তুমি মোক এদিন কঠুৱা বুলি হাঁহিছিলা, এতিয়া গম পালা নহয়? সেই কাৰণে একো নজনাকৈ কাকো একো ক’ব নালাগে। মোৰ গাৰ ছাল ইমানেই ডাঠ যে ছমাহৰ আগৰ ভাকুট কুটনিৰ সুৰ সুৰণি আজিহে উঠিছে। তেতিয়া ভবানীয়ে বাগৰি বাগৰি হাঁহিবলৈ ধৰিলে।

 এনেতে অলপ দূৰৈত গুলীৰ শব্দ হঠাতে শুনিবলৈ পালে আৰু দুয়ো ভয়তে দৌৰিবলৈ ধৰিলে। গুলীৰ শব্দ সাম কটাত দুয়োয়ে অৰণ্যৰ সকলো জীৱ-জন্তু গোট খুৱাই এখনি সভা পাতিলে। সভাৰ মূল উদ্দেশ্য হৈছে জধে মধে কোনো জন্তুকে নৰ পিশাচে হত্যা কৰিব নোৱাৰিব। সিহঁতৰ জীৱনৰ নিৰাপত্তা লাগে। সদৌ শেষত ভবানীয়ে অভয় দিলে যে সিহঁতে আজিৰে পৰা সকলো জীৱ-জন্তু হাঁহি-হাঁহি, মিলা প্ৰীতিৰে জীয়াই থাকিব। চোৰাং-চিকাৰীৰ হাতত যাতে সিহঁত অকালতে নিধন নহয় তাৰ বাবে সিহঁতে চৰকাৰৰ ওচৰত টানি আবেদন জনাব।

জোনবাইৰ দেশৰ সাধু
৩৭