পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেখিবলৈ পালে- এটা হাতী পোৱালি বোকাত সোমাই চটফটাই আছে, সি কান্দি উঠিল। দেহি ঐ! হাতী পোৱালিটো মৰি যাব এতিয়া! সি কি কৰিব, কি নকৰিব ভাবি-ভাবি বহি গ’ল আৰু চিন্তা কৰিবলৈ ধৰিলে, কেনেকৈ সি পোৱালীটো বচাব উপায় উলিয়াব পাৰে।

 ইফালে হাতীজনীলৈকো ভয় লাগে জানোচা হাতীৰ গচকত তাৰ জীৱ যায়। তেনেতে সি দেখিবলৈ পালে হাতীজনীয়ে বাৰে বাৰে পোৱালিটো উঠাবলৈ চেষ্টা কৰিয়ো বিফল হোৱাৰ পিছত আটাহ পাৰি-পাৰি লগৰীয়াটোক আনিবলৈ হাবিলৈ গ’ল। এই সুযোগতে টুবলু চিধাই পুখুৰীটোৰ পাৰলৈ গ’ল আৰু দেখিবলৈ পালে যে পুখুৰীটোৰ পাৰৰ এজোপা ভীম কলত এডাল বাঁহ ঢোকা দিয়া আছে। লগে লগে তাৰ এটা বুদ্ধি মনলৈ আহিল। সি দৌৰি গৈ ঘৰৰ পৰা দা এখন আনিলে আৰু সেই ঢোকা দিয়া বাঁহ দালৰ এটা মূৰ জোঙা কৰি ল’লে। তাৰ পিছত সি পুখুৰীৰ বোকাৰ মাজত বাঁহৰ জোঙা মুৰটো সুমুৱাই দিলে। লগে লগে হাতী পোৱালীটো ওপৰলৈ উঠি আহিল। তেতিয়া সি তাৰ ডিঙিত থকা গামোচা খনেৰে পোৱালিৰ গাত থকা বোকাবোৰ ঘঁহি ঘঁহি আঁতৰাই দিলে আৰু পোৱালিটো ৰ’দত শুৱাই দিলে। অলপ সময়ৰ পিছত সি ওচৰৰ মানুহ এঘৰৰ খেৰৰ মেজিৰ পৰা এপোলা খেৰ আনি জুই ধৰি তাক সেক দিলে। কিছু সময়ৰ পিছত পোৱালিটোৱে কাণ দুখন ল’ৰালে আৰু চকু দুটা মেলি দিলে।

 তাৰ পিছত টুবলুৱে পানী বটল এটাত পানী আনি পোৱালিটোক এঢোক এঢোক কৰি খুৱাই দিলে। লগে লগে পোৱালিটো থিয় হ’ল আৰু তালৈ একেথিৰে চাই থাকিল। সি যেন তাৰ জীৱন দান দিয়া বাবে টুবলুক কৃতজ্ঞতাহে জনাইছে। পোৱালিটো জী উঠাত সি স্ফূৰ্তিত জপিয়াবলৈ ধৰিলে। ইফালে মাকজনীয়ে মতা হাতীটোক লৈ হিল্ দল্ ভাঙি পুখুৰীটোৰ ফালে আহি থকা টুবলুৱে দেখা পালে। সি ভয়তে পোৱালিটো তাতে পেলায় লৰ মাৰিলে আৰু দূৰৈৰ পৰা চাই থাকিল। তেতিয়া সি দেখিবলৈ পালে হাতীজনীয়ে পোৱালিটোক জীৱিত অৱস্থা দেখি আচৰিত হ’ল আৰু কোনোৱা দয়ালু লোকৰে এনে কাম হ’ব বুলি ভাবি শুঁৰডাল ওপৰলৈ তুলি উপকাৰ কৰা জনৰ মঙ্গল হওঁক বুলি আশীৰ্বাদ দিলে। টুবলুৰ মাক দেউতাকেয়ো এনে সন্তানৰ কাৰণে মনত বৰ সন্তোষ পালে।

জোনবাইৰ দেশৰ সাধু
৩৯