পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 চুমুৱে সদায় ৰাতিপুৱা শুৱাৰ পৰা উঠি পঢ়াৰ টেবুলত বহে। তাই খিৰিকীখন খুলি দিয়াৰ লগে লগেই দেখিবলৈ পায় এজনী শালিকী চৰাই জঁপিয়াই জঁপিয়াই তাইক কিবা কথা ক'ব বিচাৰে। তাইৰ আৰু পঢ়াত মন নবহে। তাই পঢ়া টেবুলৰ পৰা উঠি আহি চোতালত চাউল চতিয়াই দিয়ে। শালিকী জনীয়ে অকণ অকণ কৰি জঁপিয়াই জঁপিয়াই কণমানি ঠোঁটটোৰে খুটিয়াই খুটিয়াই চাউল খোৱা দৃশ্যটি চাই তাই বৰ স্ফুৰ্তি পায়।

 এইদৰে শালিকীজনী সদায় সিহঁতৰ চোতাললৈ অহাটো এটা অভ্যাসত পৰিণত হ'ল। লাহে-লাহে শালিকীজনী তাইৰ বৰ আপোন হৈ পৰিল। ভয়েই নকৰে, যেন তাইৰ হাততে দিলেও চাউল খুটিয়াই খাবলৈ বিচাৰে। এবাৰ তাই ভাবিলে শালিকীজনী সঁজাত ভৰাই থ’বনেকি? আকৌ ভাৱে নাই নাই, তাইৰ স্বাধীন মনটোক কেতিয়াও তাই বঞ্চিত নকৰে। সদাই যেন তাইৰ চোতাললৈ আহিব আৰু চাউল খাব তাতে তাই সন্তুষ্ট। সেয়ে তাই শালিকীজনীৰ নাম দিলে ৰিকি। তাই ৰিকি বুলি মাত দিয়াৰ লগে লগেই শালিকীজনী আহি তাইৰ ওচৰত উপস্থিত হয়। এনেকৈয়ে ৰিকি আৰু চুমু বান্ধৱী হৈ পৰিল। এদিন বিকিয়ে ভাবিলে চুমুৱে তাইক ইমান মৰম কৰে, কিন্তু তাইনো চুমুক কি দিছে। এইদৰে ভাবি থাকোতে বিকিয়ে এঘৰ মানুহৰ পিছফালে ঢাপত এজোপা নুনী পকা গছ দেখিবলৈ পালে। তাইৰ কণমানি ঠোঁটটোৰে এটা এটাকৈ নুনী পকা আনি চুমুহঁতৰ ঘৰটোৰ আগফালৰ বাৰাণ্ডাখনৰ এটা চুকত গোট খুৱালে। চুমুৱে যে নুনী পকা খাই ভাল পায় বিকিয়ে জানে।

 পিছদিনা চুমুৱে ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই বাৰাণ্ডাৰ চুকত দেখা পালে পকা পকা নুনী পকা। তাইৰ মনটো আনন্দৰে উপচি পৰিল। এয়া কাম যে ৰিকিৰে হ’ব তাই নিশ্চিত। ইয়াৰ পিছত দুই তিনি দিন তাই ৰিকিক দেখা নাই। কি হল! ৰিকি ক'লৈ গ'ল? নে কিবা অঘটন ঘটিল? এইদৰে ভাবি গুনি থাকোতে চাৰিদিনৰ দিনা ৰিকি লেঙুৰিয়াই লেঙুৰিয়াই আহি সিহঁতৰ চোতালত উপস্থিত হ'ল আৰু চুমুৰ ফালে চাই চকুৱেদি পানী বৈ গ’ল। চুমুৱে পিছত গম পালে যে ওচৰৰে এজনী শিপিনিয়ে তাত শালত গামোচা বৈ থাকোতে শালিকীজনীয়ে সূতা দুডাল চিঙিলে আৰু ফৰমূতি মাৰিলত তাইৰ ঠেং এটাত পৰি দুখ পালে। চুমুয়ে তেতিয়া অলপ কেঁচা

২২
জোনবাইৰ দেশৰ সাধু