পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

গঁড় আৰু হাতীৰ কাহিনী

 এসময়ত কাজিৰঙা অভয়াৰণ্যত লখিমী নামেৰে এজনী গঁড় আছিল। তাই বৰ শান্ত আৰু নম্ৰ। তাই ডাঠ অৰণ্যৰ মাজত অকলে অকলে সেউজীয়া ঘাঁহ বন খাই ঘুৰি ফুৰে। কাকো আমনি নকৰে। ইমান নিৰীহ প্ৰাণীবোৰক বাৰু চিকাৰীবোৰে কেনেকৈ গুলিয়াই মাৰে? সিহঁতৰ অলপো দয়া মৰম নালাগেনে বাৰু? সঁচাকৈ এই জন্তুবোৰ দেখিলেই ভাল লাগি যায়। ইহঁত আমাৰ আপুৰুগীয়া সম্পদ। এই সম্পদ সমুহ যাতে নিধন হ’ব নোৱাৰে তাৰ কাৰণে সকলোৱে মিলি চেষ্টা কৰিব লাগিব।

 এদিন লখিমী নামৰ গঁড়জনীয়ে দেখিলে অৰণ্যৰ আনটো মূৰত এজনী হাতী অকলে অকলে ঘুৰি ফুৰিছে। তাইৰ নাম ভবানী। তেতিয়া গঁড়জনী ভবানী নামৰ হাতীজনীৰ ওচৰ চাপি আহি ক’লে বাই কিমাননো আৰু এনেকৈ অকলে অকলে দিন কটাবা। আমি দুয়ো সখী পাতো আঁহা। আমাৰ জীৱনৰ ভৰষাই নাই। কোন মূহুৰ্ত্তত চিকাৰীৰ হাতত প্ৰাণ যায় ক’বই নোৱাৰি। গতিকে যি কেইদিন জীয়াই থাকো সেই কেইদিন হাঁহি মাতি

জোনবাইৰ দেশৰ সাধু
৩৬