সমললৈ যাওক

পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ঠোঁট আৰু চকুৰ ৰং বাদামী। ইহঁতে গছ-গছনিত সাধাৰণতে বাঁহ নাসাজে, খেৰৰ চেপত বা ঘৰৰ মুধচত বাহ সাজি থাকে। মাহ, চাউল, সৰিয়হ, ঘেঁহু আদি লগতে পোক-পতঙ্গও খাই জীয়াই থাকে।

 ইমান ধুনীয়া কণমানি চৰাইবিধ বৰ্তমান কমি যাবলৈ ধৰিছে। সেয়ে বিশ্বৰ প্ৰকৃতিপ্ৰেমী সংগঠন সমূহে প্ৰতি বছৰে ২০ মাৰ্চৰ দিনটো- “বিশ্ব ঘনচিৰিকা দিৱস” হিচাপে পালন কৰি আহিছে। ইয়াৰ অৰ্থ হৈছে আমাৰ মাজত সজাগতা বৃদ্ধি কৰা।

 ঘনচিৰিকা চৰাইবিধৰ গা ধোৱা নিয়ম অলপ বেলেগ ধৰণৰ। ইহঁতে বালিত গা ধোৱে। বালি থকা ঠাইত পাখি দুখন মাৰি মাৰি এটা সৰু গাত কৰি লয়। তাত লুটি-পুতি খায় বহু সময় ধৰি পাখি মাৰি-মাৰি গা ধোৱে। বালিবোৰ গুছাবৰ কাৰণে ৰ’দত পাখীৰে ঠোঁটেৰে খুঁচৰি খুঁচৰি পৰিস্কাৰ কৰে। দৃশ্য চাবলৈ বৰ ভাল লাগে। আকৌ কেতিয়াবা পানীতো গা ধোৱে। বালিত বেছিকৈ গা ধোৱে কাৰণে ইহঁতক বালিত গা ধোৱা চৰাই বুলিও কোৱা হয়।

 এবাৰ এযোৰ ঘনচিৰিকা চৰায়ে এঘৰ মানুহৰ ঘৰৰ মুধচত বাঁহ সাজিছিল আৰু কণী উমনি দি দি এযোৰ ধুনীয়া পোৱালি জন্ম দিছিল। এদিন মতা ঘন চিৰিকাটোৱে শুনিবলৈ পালে যে ঘৰটোত খেৰবোৰ গুচাই টিনপাত লগাব। এতিয়া সিহঁত বৰ বিপাঙত পৰিল। ইফালে পোৱালী কেওটাও উৰিব পৰা নাই। কি উপায় হ’ব বুলি ভাৱি থাকোতে এজনী বগলীক লগ পালে। বগলীজনীয়ে সিহঁতৰ দুখৰ কথা শুনি উপায় দিলে যে সৌ পাহাৰটোৰ সিপাৰে এখন গাঁও আছে। তাত সকলোবোৰ ঘৰেই খেৰৰ। গতিকে কথাষাৰ শুনি মতাটোৱে আনন্দতে মাইকীজনীক সেইখন গাঁৱলৈ যোৱাৰ কথা ক’লে। মাইকীজনীয়ে কেনেকৈ পোৱালী কেইটা খুঁটি খাব পৰা হয় তালৈ বাট চাই ভগৱানক কাকূতি কৰিবলৈ ধৰিলে। ইফালে বতৰ ডাৱৰ হ’ল। এসপ্তাহ মান বৰষুণ হৈয়েই থাকিল। ঘৰলৈ মিস্ত্ৰি আহি উভতি যাব লগা হ’ল। এইদৰে কেইদিনমান পাৰ হ’ল। ঘৰটো ভঙাৰ লগে লগে ঘনচিৰিকা পোৱালী দুটা লৈ পাহাৰৰ সিপাৰৰ গাঁওখনলৈ উৰা মাৰিলে আৰু সুখে-সন্তোষে বাস কৰিবলৈ ধৰিলে।

জোনবাইৰ দেশৰ সাধু
৩০