পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কেতিয়াবা তাই মুকলি আকাশৰ তলত অকলে অকলে বহি জোনবাইৰ লগত কথা পাতে। তৰাবোৰে যেন তাইৰ ফালে চাই মিচিক্ মাচাক্ হাঁহে আৰু ডাৱৰবোৰে জোনবাইৰ লগত লুকা ভাকু খেলা দেখিলে তাইৰ মনটো উৰা মাৰে, জোনবাইৰ দেশলৈ। এইদৰে ভাৱি থাকোতে কিমান সময় হয়, তাই গমকে নাপায়।

 এদিন মামনে এইদৰে মুকলি আকাশৰ তলত আকাশ-পাতাল ভাবি থাকোতে মাকে মাত লগালে -“মামন ভাত খোৱাহি, সোনকালে শুব লাগে। কাইলৈ মামাৰ ঘৰলৈ যাম”। মামাৰ ঘৰলৈ যোৱাৰ কথা শুনি তাই একে জাঁপেই পাকঘৰ পালেগৈ আৰু খাই বৈ শুই থাকিল।

 ছমহীয়া পৰীক্ষাৰ পিছত গৰম বন্ধ দিয়ে। এই কেইটা দিনত কেৱল বৰষুণেই দি থাকে। কেতিয়াবাহে বতৰ ফৰকাল হয়।

 বৰষুণৰ মাজতে সেইদিনা বতৰ ফৰকাল। কিন্তু বৰ গৰম পৰিছে। মামনৰ মোমায়েকে পাহাৰত হাল বাই আহি ঘটিয়ে ঘটিয়ে পানী খাইছে আৰু ভাত পানী খাই পাকঘৰৰ মচি কাচি থোৱা কেঁচা মাটিৰ মজিয়াতে পাটি পাৰি শুই পৰিছে।

 নীলা আকাশত সেইদিনা নিশা ফৰিং ফুটা জোনাক। মামনৰ আইতাকে মামীয়েকক ভাত-পানীৰ যোগাৰ দি মুকলি আকাশৰ তলত জোনাকত পাটি পাৰি বিচনিৰে বিচি বিচি বহি আছে। এনেতে মামনৰ লগতে কেইবাটাও ল’ৰা-ছোৱালী গোট খালে। কাৰণ আইতাকে আজি সাধু শুনাব। কি যে মজা লাগিব।

 আইতাই নাতিয়েকৰ কথা পেলাব নোৱাৰি এফালৰ পৰা কৈ গ’ল, কিছুমান মনে সজা সাধু। তাৰ পিছত মামনে খাটনি ধৰিলে আইতা, আইতা জোনবাইৰ দেশৰ সাধুটো কোৱা না।

 আইতাকে আৰম্ভ কৰিলে -এদিনাখন মামনৰ মোমায়েক জোনবাইৰ দেশলৈ গৈছিল। তাত তেওঁ দেখা পালে তৰহে তৰহে ফলমূল, আম, কঁঠাল, তৰমুজ ডাল ভৰি ভৰি লোমা লোমে লাগি আছে। ফুল বোৰো নানা ৰঙৰ। ইহঁত অনবৰতে সতেজ হৈ থাকে, মৰহি নাযায়। কাৰো মনত দুখ নাই। এইদৰে গৈ গৈ এখন নৈ দেখা পালে। নৈ খনত বিধে বিধে ৰৌ, কুঁহি, বৰালী মাছে দপ্‌দপাই আছে। তাকে দেখি তাৰ বৰশী বাবলৈ মন গ’ল। বৰশীৰে

জোনবাইৰ দেশৰ সাধু
৩২