পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দৰে গোল। সেইকাৰণে তাইৰ নাম চন্দ্ৰমুখী। এটা সময়ত সিহঁতৰ ঘৰত বহুত নিগনি হৈছিল। নিগনিৰ উপদ্ৰৱত কোনো বস্তুকে ভালদৰে থ'ব নোৱাৰে। সকলোবোৰ কুটি কুটি নষ্ট কৰে। কিন্তু চন্দ্ৰমুখী থকাৰে পৰা সিহঁতৰ ঘৰত কোনো নিগনি নাই। আনকি মেকুৰী জনীৰ স্বভাব ইমানেই ভাল যে কোনো বস্তু গৃহস্থই নিদিয়ালৈকে মুখ নিদিয়ে। মেকুৰীয়ে ভজা মাছ চুৰ কৰি খায় বুলি প্ৰবাদ আছে। কিন্তু চন্দ্ৰমুখী এই বদনামৰ পৰা মুক্ত। আনকি তাই প্ৰস্বাৱ পায়খানাও ভিতৰত নকৰে। পঢ়াশালিৰ পৰা আহিয়েই মুমুয়ে সদায় চন্দ্ৰমুখীক কোলাত লয়। তাৰ পিছতহে হাত মুখ ধুই ভাত খায়। মৰম লগা চন্দ্ৰমুখীক এবাৰ ল'বলৈ নাপালে তাই বৰ অশান্তি পায়। মেকুৰী জনীয়েও যেন মুমু অহালৈ বাট চাই থাকে। তাই নহালৈকে যেন আহাৰে নালাগে কুটা এডালো মুখত নিদিয়ে।

 মুমুৰ এজনী বান্ধৱী আছিল। তাইৰ নাম চিম্পী। তাই মুমুহঁতৰ মেকুৰীজনীৰ কথা শুনি শুনি তাইৰো তেনে এজনী মেকুৰী পুহিবলৈ বৰ মন

জোনবাইৰ দেশৰ সাধু
১৫