পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

হাঁহিৰামৰ বিলৈ

 বাবলু এটা বৰ ভাল ল’ৰা। তাৰ কথাবতৰা ব্যৱহাৰ পাতি সকলোৱে প্ৰশংসা কৰে। মুঠতে বৰ অমায়িক ল’ৰা। কিন্তু বৰ দুখৰ বিষয়। বাবলুৰ জন্মৰে পৰা এখন ভৰি চুটি। তথাপিও চকুৰ আগত যিখিনি কাম পাৰে সকলো নিয়াৰিকৈ কৰি যায়। পঢ়া-শুনাতো বৰ ভাল। সেয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা সি বৰ আদৰ পায়। লগৰ লগৰীয়াই তাক খোৰা বুলি কয় যদিও সি কেৰেপ নকৰে। কওক, সকলো ভগৱানৰ সৃষ্টি। ভগৱানে যে তাৰ চকুজুৰি, হাত দুখন দিছে তাৰ কাৰণে ভগৱানৰ ওচৰত সি কৃতজ্ঞ।

 বাবলুৰ লগৰীয়াৰ ভিতৰত এটা ল'ৰাৰ নাম আছিল হাঁহিৰাম। হাঁহিৰাম যি হাঁহিৰামেই। তাৰ চকু যুৰি যেন পদুম কলিৰ নিচিনা। গাৰ বৰণ কাড়া হালধীৰ দৰে। মুখে চকুৱে যেন অনবৰতে হাঁহিয়েই থাকে। দুখ বোলা বস্তুটো তাৰ নায়েই। দেখাত ধুনীয়া কাৰণেই তাৰ বৰ অহঙ্কাৰ। পঢ়াশুনাতো মনোযোগ কম। তাৰ দুষ্টামিৰ কাৰণেই শিক্ষক সকলোৱে তাক বেয়া পায়। কোনোবাই যদি তাক চকুযুৰী ধুনীয়া বুলি কয় স্ফূৰ্তিৰ সি গৌৰৱতে ওফন্দি উঠে। যেন তাৰ সীমা নাই। কিন্তু সি বুজা নাই যে ঈশ্বৰৰ সৃষ্টিত সকলো ধুনীয়া।

 হাঁহিৰামে কথাই প্ৰতি বাবলুক খোৰা বুলি হাঁহে। কিন্তু বাবলুৱে নীৰৱেই সহি থাকে। সি ভাৱে হয়তো সিটো সঁচাকৈয়ে খোৰা। গতিকে

জোনবাইৰ দেশৰ সাধু
২৭