পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এদিনৰ কথা, কল্প আৰু বিকি দুয়োয়ে বাজি মাৰিলে যে কোনে সাঁতুৰি আগতে সিপাৰ হ'ব পাৰে। যেনে কথা তেনে কাম। তেতিয়া আছিল শাওন মাহ। গৰমৰ বন্ধ। গতিকে সিহঁতক পাই কোনে। বিকি কিন্তু সাঁতোৰাত বৰ পাৰ্গত। কিন্তু কল্প অলপ কেঁচা। কল্পই সদায় চেষ্টা কৰে কেনেকৈ সাতুৰি পাৰ হ'ব পাৰে। সেইহে দুয়ো এক, দুই, তিনি বুলি কলঙত জাপ দিলে আৰু সাঁতুৰিবলৈ ধৰিলে। বিকিয়ে আগতে গৈ সাঁতুৰি কলং পাৰ হৈ সিপাৰত উঠিল। কিন্তু কল্পই সাঁতুৰিয়েই আছে। সি বৰ জেদী। বিকিয়ে যদি পাৰে, সি কিয় নোৱাৰিব। এইদৰে মৰসাহ কৰি সাঁতুৰি সাঁতুৰি সি পাৰ হ’ব নোৱাৰি কলঙৰ পানীৰ সোঁতত উটি গৈ আছে। এনেতে বিকিয়ে দেখিলে কি কৰিম এতিয়া? দেখোন কোনোবাখিনি পালেগৈ। সৰুতে সি ককাকৰ মুখত শুনিবলৈ পাইছিল ইয়াত হেনো জলকুঁৱৰী ওলায়। জলকুঁৱৰী দেখিবলৈ বৰ ধুনীয়া। সাইলাখ পৰীৰ দৰে। তেওঁ মন পচন্দৰ ল'ৰা-ছোৱালী পালে তেওঁৰ ওচৰলৈ লৈ যায়। এইবোৰ কথা ভাবি বিকিয়ে কান্দিবলৈ ধৰিলে। পাৰত বহি সি চিঞৰি চিঞৰি কান্দি কান্দি ক'বলৈ ধৰিলে - “কোন ক'ত আছ হঁত ঐ! মৰিলো, মৰিলো”! তাৰ চিঞৰ শুনি ওচৰৰ কেইবাজনো মানুহ দৌৰি আহিল আৰু কল্পৰ অসহায় অৱস্থাতো দেখি এজন চফল ডেকা ল’ৰাৰ মনলৈ এটা বুদ্ধি আহিল আৰু কলঙত জাপ দিলে আৰু সাঁতুৰি সাঁতুৰি কোনো মতে কল্পক লগ পালে আৰু মৰণত শৰণ দি চুলিত ধৰি চোঁচৰাই চোঁচৰাই লৈ আহি পাৰত পেলাই দিলে। ইতিমধ্যে সি পানী খাই খাই পেট ফুলি গ'ল। কি কৰিব এতিয়া! এনেতে এজন বয়োজেষ্ঠ লোক আহিল। তেওঁ কল্পক মাটিত বগৰাই দিলে আৰু পেটটো তললৈ দি পিঠিত উঠি গ'ল। অলপ সময়ৰ পিছত সি চকু পচাৰিলে। তাৰ পিছত ঘৰলৈ বোকোচাত লৈ আহি গৰম তেল মালিচ কৰি দিয়াত সি দুই এটা কথা ক'ব পৰা হ'ল? লাহে লাহে সি সুস্থ হৈ আহিল।

 এইদৰে বিকিয়ে কল্পৰ নতুন জীৱন দান দিলে। আচলতে মানুহে নিজৰ কথা ভাবিলেও নহয়। কেবল নিজৰ কথা ভবা জনক স্বাৰ্থপৰ বোলে। সেইদিনা বিকিয়ে কল্পক তেনে অৱস্থাত এৰি থৈ আহিলহেঁতেন তেন্তে কি অৱস্থা হ'লহেঁতেন! বিকিৰ এনে কাৰ্য্যক ঘৰৰ সকলোৱে প্ৰশংসা কৰিলে আৰু তাক আশীৰ্বাদ দিলে।

আচলতে মানুহৰ আকাংক্ষা থাকিব লাগে কিন্তু দুৰাকাংক্ষী

হ'ব নালাগে। নজনা কথাত ইমান মৰসাহ ভাল নহয়।

জোনবাইৰ দেশৰ সাধু
৪৯