পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সত্যৰ সদায় জয়

 বহুদিনৰ আগৰ কথা। এখন গাঁৱত যদু নামৰ এজন ল’ৰা আছিল। সিহঁত বৰ দুখীয়া। দেউতাকে লোকৰ ঘৰত কাম কৰি জীৱিকা নিৰ্বাহ কৰে। এবাৰ দেউতাক টান নৰিয়াত পৰিল। ওচৰৰ হস্পিতাললৈ গ’ল যদিও ভালদৰে ঔষধ খাব নোৱাৰি মৃত্যু মুখত পৰিল। যদুৰ মাকে দেউতাক ঢুকোৱাৰ পিছত চাৰিওফালে অন্ধকাৰ দেখিলে। তথাপিও মনত সাহস গোটাই একমাত্ৰ ল’ৰাটোক মানুহ কৰাৰ আশাৰে লোকৰ তাঁত-সুত বৈ স্কুলত নাম লগাই দিলে। তেতিয়া যদুৰ বয়স আছিল মাত্ৰ ছয় বছৰ।

 স্কুলত নাম লগাই দিয়াৰে পৰা যদুৱে মনপুতি পঢ়িবলৈ ধৰিলে। মাকেও লোকৰ কাম-বন কৰে যদিও অতি নম্ৰ আৰু ভদ্ৰভাৱে অতি সৎ শিক্ষাৰে তাক শিক্ষিত কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰিলে। লগৰ দুটামান ল’ৰা অতি দুষ্ট যদিও তাক সেই দুষ্ট ল’ৰাকেইটাৰ সংগ এৰুৱাই দিলে। কাৰণ

জোনবাইৰ দেশৰ সাধু
৪০