পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চন্দ্ৰমুখীৰ কাহিনী

 পুৰণি কালত এখন গাঁৱত মুমু নামৰ এজনী ছোৱালী আছিল। ছোৱালীজনী সকলো কামতে বৰ তজবজীয়া। কোনো কামত এলাহ নাই। পঢ়াৰ সময়ত পঢ়ে। তাৰ পিছত আজৰি সময়ত মাকক ইটো সিটো কামত সহায় কৰি দিয়ে। তাইৰ কথা বতৰা আচৰণত আনকি শিক্ষক সকলোয়ে বিদ্যালয়ত বৰ ভাল পায়। অকল এয়াই নহয় তাই জীৱ জন্তুকো বৰ মৰম

কৰে। লাগিলে কুকুৰেই হওঁক বা মেকুৰীয়েই হওঁক।

 সিহঁতৰ ঘৰত এজনী মেকুৰী আছিল। মেকুৰীজনী বৰ মৰম লগা। গোটেই গাটো বগা নোমেৰে ভৰা চকুকেইটা উজ্জ্বল। মুখখন পূৰ্ণ চন্দ্ৰটোৰ

জোনবাইৰ দেশৰ সাধু
১৪