পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

জোনবাইৰ দেশৰ সাধু

 ছমহীয়া পৰীক্ষা দি উঠি মামন মোমায়েকৰ ঘৰলৈ যাব। বহু দিনৰ পৰা তাইৰ আশা। মোমায়েকৰ ঘৰলৈ গ’লে আইতাকে তাইক সাধু শুনাব। কাৰণ আইতাকেহে তাইক মনৰ পচন্দ মতে সাধু শুনাব পাৰে। আইতাক তাইৰ বৰ মৰমৰ।

জোনবাইৰ দেশৰ সাধু
৩১