পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোনটো সতেৰে এৰি থৈ যাব আৰু অতি শ্ৰদ্ধাৰ আৰু মৰমৰ ছাৰ বাইদেউসকলক? কথাটো ভাবি ভাবি কান্দি কান্দি চকু ফুলাই দিছে। এনেকৈ চিন্তা কৰি কৰি এজনীয়ে বকুল ফুলৰ মালা গাঁথিছে। মালা গাঁথি এপাহ ফুলৰ পিছত সিপাহ ফুল গাঁথি যাওঁতে এজনীৰ চকুপানী টোপ টোপকৈ পৰিবলৈ ধৰিলে। আন এজনীয়ে আকৌ মাকে হাতে বোৱা ফুলাম গামোচা বাকচৰ পৰা উলিয়াই জাপি জাপি সুন্দৰকৈ সজাই থৈছে। এইদৰে দুখ-বেজাৰে বিদায় সভা পাতিবলৈ সিহঁতৰ উখল-মাখল লাগিল।

 বিদায় সভালৈ মাত্ৰ দুদিন বাকী। হঠাতে বিজু আৰু ৰিজুৰ পেটৰ অসুখ হ'ল। ইমান ঔষধ খুৱাইছে কিন্তু কাম দিয়া নাই। তাৰ পিছত উপায় নাপায় লগৰ মিনুৱে মানিমুনি অলপ বিচাৰি আনিলে। তাই আজৰি পালে প্ৰায়ে মানিমুনি বিচাৰে আৰু মানিমুনি ভেদাইলতা এইবোৰ শাক-খাই তাই বৰ ভাল পায়। সেইহে তাইৰ অসুখ বিসুখ নাই বুলিয়েই ক'ব পাৰি। তাই মানিমুনি অলপ ঢেঁকিত খুন্দি ৰস উলিয়াই কেৰাহীত গৰম কৰিলে আৰু ঠাণ্ডা কৰি দুইজনীকে খাবলৈ দিলে। বিজুৱে মানিমুনিৰ ৰসেৰে ভাত কেইটামান খালে। তাই অতি কম সময়ৰ ভিতৰতে সুস্থ হৈ উঠিল। কিন্তু বিজুৰ? ৰিজুৰ মাতটো ভালকৈ এতিয়াও নুফুটে। তাই মানিমুনিক মামনি বুলি কয়। তাই কান্দিবলৈ ধৰিলে “মই মামনি নাখাওঁ”। খালে বমি হৈ যাব। কাৰণ তাই মানিমুনি খাবলৈ বৰ বেয়া পায়। পিছত মিনুৱে তাইক যিমান পাৰে বুজালে যে বিদায় সভাখন কেনেকৈ পাতিব? যদিহে তহঁতৰ অসুখ ভাল নহয়? তেতিয়া তাই চকু মুদি মানিমুনিৰ ৰস খিনি পি দিলে। কিন্তু কি আচৰিত! মাত্ৰ কেই ঘণ্টামানৰ পিছতে তাই সুস্থ হৈ উঠিল আৰু আটাইকেইজনীয়ে আটক ধুনীয়া কৰি বিদায় সভাখন পাতিলে। ছাৰ বাইদেউ সকলোয়ে তাহাঁতক আশীৰ্বাদ দিলে।

 সঁচাকৈ মানিমুনিৰ যে ইমান ঔষধীগুণ আছে তাই সেইদিনাহে বুজি পালে। সেইদিন ধৰি তাই মানিমুনিকে আদি কৰি সকলো শাক খাবলৈ ল'লে আৰু তাইৰ পেটৰ অসুখ নাইকীয়া হ'ল।

এতেকে মানিমুনি, ভেদাইলতা পেটৰ অসুখত মহৌষধ।

জোনবাইৰ দেশৰ সাধু
৫১