পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 দীপু বৰ ঈশ্বৰ বিশ্বাসী। সি সদায় পুৱা গধুলি ঈশ্বৰক প্ৰাৰ্থনা কৰিহে পঢ়াৰ টেবুলত বহে আৰু শুবলৈ যাওতে সদায় ঈশ্বৰৰ নাম লৈহে টোপনি যায়। এইদৰে দিন গৈ আছে। তাৰ মনত সুখে নাই কিন্তু দুখো নাই। সি ভাৱে কৰ্ম কৰিহে মানুহ জীয়াই থাকিব লাগে। কৰ্ম নকৰাকৈ খোৱাটো পাপ। তাৰ সততাৰ কাৰণে আৰু পৰিশ্ৰমী হোৱাৰ কাৰণে ওচৰ চুবুৰীয়া সকলোৱে তাক মৰম কৰে।

 এদিনৰ কথা। দীপুৱে দিনৰ সকলো কাম বন কৰি ৰাতি খাই বৈ শুই আছে। এনেতে ভগৱান বিষ্ণুৱে চতুৰ্ভূজ ৰূপ ধাৰণ কৰি তাক কৈছে— “দীপু তই বৰ সৎ ল’ৰা। ডাঙৰক তই শ্ৰদ্ধা কৰিবি, কিন্তু কাকো হিংসা নকৰিবি। তই এটা কাম কৰিবি। তহঁতৰ বাৰীৰ পিচফালে ঢাপত এটুকুৰা লোহা পাবি। তাৰে কমাৰ শালত গৈ এখন কোৰ তৈয়াৰ কৰি আনিবি আৰু সেই কোৰখনেই তোৰ উপাৰ্জনৰ পথ দিব। ” ৰাতিপুৱা সাৰ পাই সি থৰথৰকৈ কপিবলৈ ধৰিলে। সি কি কৰিব কি নকৰিব ভাবি ভাবি স্নান কৰিবলৈ গ'ল। তাৰ পিছত গোঁসাই ঘৰত সোমাই প্ৰাৰ্থনা কৰিলে প্ৰভূ এয়া তোমাৰেই লীলা, এই বুলি ৰাতিৰ কথাটো মনতে ৰাখি ঘৰৰ ভঙাকোৰ খনেৰে বাৰীৰ ঢাপটো খান্দিবলৈ ধৰিলে। সঁচাকৈ এটা বহল লোহা পালে। তাকে লৈ গৈ দীপু ওচৰৰ কমাৰশাললৈ গ'ল আৰু এখন কোৰ বনাই দিবলৈ কমাৰক খাটনি ধৰিলে।

 কমাৰে প্ৰথমতে ভাবিলে ইনো ক'ৰ পৰা মজুৰিৰ পইচা দিব পাৰিব। তথাপিও এখন কোৰ বনালে। যদিহে সি পইচা দিব নোৱাৰে তেন্তে কমাৰজনে কোৰখনকে ৰাখি থ’ব। এই বুলিয়েই কমাৰজনে অলপমান কষ্ট কৰোতেই এখন সুন্দৰ কোৰত পৰিণত হ'ল। দুদিনৰ পিছত দীপুৱে যেনেতেনে কোৰখন বনোৱা মজুৰিটো দি কোৰখন ঘৰলৈ লৈ গ'ল। তাৰ পিছত নাল লগাই ঘৰৰ

জোনবাইৰ দেশৰ সাধু
১৮