পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সোণালী বান্দৰৰ কাহিনী

 অকণিহঁত তোমালোকে সোণালী বান্দৰ দেখিছানে? এই বান্দৰবিধ দেখিবলৈ বৰ ধুনীয়া। ইহঁতৰ গাৰ ৰং সোণ বৰণীয়া বা ক্ৰীম হালধীয়া। বছৰৰ বিভিন্ন সময়ত ইহঁতৰ গাৰ বৰণ অলপ তাৰতম্য দেখা যায়। সোণালী বান্দৰৰ মতাটোতকৈ মাইকীজনীৰ গাৰ বৰণ অলপ বেছি, নেজডাল দীঘল। মুখখন ক’লা বৰণৰ আৰু মুখত কোনো নোম নাথাকে। ভৰি আৰু হাতৰ তলুৱা ক’লা। নেজৰ দৈৰ্ঘ্য মাইকী বান্দৰৰ প্ৰায় ৭০ ছেন্টিমিটাৰ আৰু মতাটোৰ প্ৰায় ৮০ ছেন্টিমিটাৰ হ’ব। বেছিভাগ মাইকী সোণালী বান্দৰে জুনৰ পৰা অক্টোবৰ মাহৰ ভিতৰত পোৱালি দিয়ে। পোৱালিবোৰ দেখিবলৈ বৰ ধুনীয়া। এই বান্দৰবোৰে অৰণ্যত সৰু সৰু দল বান্ধি বিচৰণ কৰে। মতাটোৰ নেজৰ মূৰত অলপ জোপোহা নোম থাকে।

 এই প্ৰজাতিটোৱে গছৰ ডালে ডালে জঁপিয়াই জঁপিয়াই অৰণ্যত বিচৰণ কৰে। ইহঁতে ডাঙৰ ডাঙৰ গছ থকা হাবিত থাকি ভাল পায়। অসমৰ

জোনবাইৰ দেশৰ সাধু
৩৪