পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাঁহিব পাৰিছে যেতিয়া কোনোবাই হাঁহক, তাৰ কোনো ভাবিবলগীয়া নাই। তেতিয়াই তাৰ অন্ধ ল’ৰা-ছোৱালীৰ কথা ভাবিলে মনটো সেমেকি যায়। কাৰণ তাৰ ভৰিটো চুটি যদিও পৃথিৱীখনটো চাব পাৰিছে। কিন্তু অন্ধসকলে যে একোৱেই দেখা নাই। কিমান যে তাহাঁতৰ দুখ।

 আন এদিনৰ কথা। বাবলু তেতিয়া নৱম শ্ৰেণীত পঢ়ে। তাৰ ঘৰৰ পৰা বিদ্যালয়লৈ দুই কিলোমিটাৰ দূৰ। গতিকে সি শুৱাৰ পৰা সোনকালে উঠি সকলো কাম-বন কৰি, খাই বৈ ঘৰৰ পৰা সোনকালে পঢ়াশালিলৈ ওলায়। কাৰণ সি দুপিয়াই দুপিয়াই খোজকাঢ়ি আহোতে সময় লাগে আৰু যথা সময়ত পঢ়াশালীত উপস্থিত হয়। শিক্ষকে কোনো দিনাই তাক পলম হোৱা বাবে গালি দিব লগা হোৱা নাই। সি সোনকালে পঢ়াশালীলৈ অহা দেখি হাঁহিৰামে ঘৰৰ পৰা ঠাট্টা কৰি হাঁহি হাঁহি চিঞৰি কয় - ঐ বাবুল, তোৰ কাৰণে পঢ়াশালীখন পুৱাই-পুৱাইৰহে নেকি? কিন্তু বাবুলৱে একো নামাতে।

 আনহাতে, হাঁহিৰামৰ চাইকেলেৰে পঢ়াশালীলৈ যায় যদিও সদায় পলম হয় আৰু শিক্ষকৰ পৰা গালি খাব লগীয়া হয়। তথাপি সি নিলাজৰ দৰে হাঁহি মাৰিয়েই উৰাই দিয়ে। এইদৰে দিন গৈ আছে। এদিন দুয়ো প্ৰৱেশিকা পৰীক্ষা পাছ কৰিলে আৰু হাঁহিৰামে চহৰৰ কলেজ এখনত নাম লগালে। বাবুলৱে কিন্তু সুখ্যাতিৰে পাছ কৰাৰ পিছতো গাঁৱৰে এখন কলেজতে পঢ়িলে।

 এইদৰে সময় গৈ আছে। এদিন হঠাতে এটা দুৰ্ঘটনা ঘটিল। সকলো দৌৰা ঢপৰা লাগিল, কি হ’ল কি হ’ল? গাঁৱৰ মানুহে দেখে যে হাঁহিৰামৰ বাইক দুৰ্ঘটনা হৈছে। দেউতাক নথকা অৱস্থাত হাঁহিৰামে বাইকখন লৈ ঘৰৰ পৰা আহি চাৰিআলিটো নাপালেহিয়েই মাৰি দিলে এখন চলন্ত ট্ৰাকত। লগে- লগে সি উফৰি পৰিল। চাৰিওফালে হুলস্থূল লাগিল। তাক লগে-লগে চিকিৎসালয়লৈ নিয়া হ’ল। মানুহটো বাচিল। কিন্তু দুখৰ বিষয় যে তাৰ চকু দুটা চিৰদিনৰ কাৰণে হেৰুৱাব লগা হ’ল। বেচেৰা বাবলুয়ে তাৰ কাষত থাকি বহুত বুজালে। এতিয়াহে হাঁহিৰামে বুজি পালে যে ভগৱানৰ সৃষ্টিত সকলো ধুনীয়া। কোনেও কাকো হাঁহিব নাপায়। বৰং যিখিনি পাইছে সেই খিনিকেই ভগৱানক কৃতজ্ঞতাহে জনাব লাগে।

লোকক হাঁহিলে নিজেই ফল ভোগ কৰিব লগা হয়।

 গতিকে কাকো হিংসা কৰিব নাপায়।

জোনবাইৰ দেশৰ সাধু
২৮