পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চক্ৰশীলা অভয়াৰন্য ইহঁতৰ আদৰ্শ বাসস্থান। ইয়াৰ উপৰিও কাৱৈ জান, কুচু গাঁও, উল্টাপানী, মালেগড় পাহাৰ, শংকৰ ঘোলা আদিত সোণালী বান্দৰ পোৱা যায়। ইহঁতে বিশেষকৈ গছৰ পাত খায়। বিভিন্ন গছৰ লতা, গছৰ ফুল, উৰহী জাতীয় গুটি আৰু গছৰ ফল মূল খাই ইহঁত জীয়াই থাকে। ইহঁত নিৰামিষভোজী। ভাতঘিলা নামৰ গছৰ পাত ইহঁতৰ প্ৰিয় খাদ্য। পৃথিৱীৰ ক’তো নথকা এই প্ৰজাতিৰ বান্দৰ কেৱল ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে, মানাহ নদীৰ পশ্চিম আৰু সোণকোষ নদীৰ পূৱ পাৰৰ মাজৰ ভূ-খণ্ডত পোৱা যায়। অকণিহঁত এতিয়া এই সুন্দৰ বান্দৰৰ বিধৰ এটা কাহিনী কম দেই—

 উমানন্দ হৈছে আমাৰ দেশৰ আটাইতকৈ সৰু দ্বীপ। সোণালী বান্দৰ উমানন্দৰ এক অমূল্য সম্পদ। ইয়াত গোবিন্দা, হেমা আদি নামেৰে বহুতো সোণালী বান্দৰে পৰ্যটকক আকৰ্ষিত কৰি আহিছে। ইহঁতে ভয়েই নকৰে, মন্দিৰলৈ নৈবেদ্য আগবঢ়োৱা বস্তুবোৰ থাপ মাৰি লৈ গছৰ ওপৰত উঠে। এবাৰ পূজা নামৰ এজনী অতি মৰম লগা অকণমানি ছোৱালী মাক-দেউতাকৰ সৈতে উমানন্দ মন্দিৰলৈ গৈছিল। নাঁৱত নাৱৰিয়াই নাঁওখন ৰখাৰ পিছত তেওঁলোক মন্দিৰলৈ খোজ লৈছে। এনেতে মন্দিৰ গৈ নাপাওঁতেই এজনী সোণালী বান্দৰে মাকৰ কোলাৰ পৰা পূজাক থাপ মাৰি লৈ গৈ গছৰ ওপৰত উঠিল। ইফালে তেওঁলোকৰ হাঁহাকাৰ অৱস্থা কি হ’ব এতিয়া। ছোৱালীজনী কেনেকৈ আনিব। এনেকৈ ভাবি ভাবি ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। কান্দি-কান্দি মাকৰ চকু ফুলি গ’ল। এনেকৈ বেজাৰ মনেৰে থাকোতে কোন সময়ত পূজাক বান্দৰজনীয়ে তেওঁলোকৰ ওচৰত থৈ গ’লহি কোনেও তত্‌কে ধৰিব নোৱাৰিলে। ক’তো আঘাত নোহোৱাকৈ পুনৰ ছোৱালীজনী কাষতে পাই মাক-দেউতাক আনন্দত উৎফুল্লিত হৈ পৰিল আৰু নানান ফল-মূল বান্দৰ কেইটাক খাবলৈ দিলে। আচলতে সিহঁত বৰ মৰম আকলুৱা। মানুহে মৰম কৰিলে বৰ ভাল পায়। কাৰো একো ক্ষতি নকৰে। কোনোবাই সিহঁতক মৰম নকৰা যেন দেখিলে সিহঁত বৰ নাৰাজ হয়।

জোনবাইৰ দেশৰ সাধু
৩৫