উৰহি গছৰ ওৰ
বিজ্ঞান ভিত্তিক শিশু গল্প
নীলিমা বৰা
বনফুল, গুৱাহাটী-০৫
উৰহি গছৰ ওৰ
(বিজ্ঞানভিত্তিক শিশু গল্প)
প্ৰতিস্থাপক প্ৰকাশক:
প্ৰয়াত ত্ৰৈলোক্য নাথ বৰুৱা
শ্ৰী ফুলেন্দ্ৰ কুমাৰ বৰুৱা
ঠাকুৰ বজাৰ বৰপেটা
প্ৰকাশক:
শ্ৰী পাৰ্থগোবিন্দ বৰুৱা
বনফুল
গুৱাহাটী- ৭৮১০০৫
মোবাইল নং- ৯৯৫৭৫-৯৪৮১৪
@লেখক
বেটুপাত: শ্ৰী কল্যাণ নাথ
ডি টি পি: নীলাক্ষী দত্ত
প্ৰথম সংস্কৰণ চেপ্তেম্বৰ ২০১৪ ইং
মূল্য: ২০.০০ (বিশ) টকা মাত্ৰ
মুদ্ৰণ:
বৰ্ণালী
জি. এম. চি. ৰ’ড
ভঙাগড়, গুৱাহাটী - ৫
মোবাইল -৯৪৩৫০-৪৪৯২৩
এষাৰ...
সদায় দেখি থকা কিন্ত নজনা বহু কথাই কেতিয়াবা কেতিয়াবা অকণিহতঁক বৰ আমনি কৰে। সেয়েহে -তেওঁলোকৰ কৌতূহলক নিবাৰণ কৰা সামান্য প্ৰচেষ্টাৰে মোৰ
“উৰহি গছৰ ওৰ” অকণিহঁতৰ হাতত তুলি দিলো।
ভ্ৰুটি মাজনাৰে—
চিনাকি
লেখিকা
জোনাকপুৰ, গুৱাহাটী-১৬
ফোন নং: ৯৮৫৯২৩৬০৬৭
সূচীপত্ৰ
গল্পৰ নাম | পৃষ্টা | |
১) | আকাশী বেলুন | ৫ |
২) | ৰ’দে ৰং ভাল পায় | ১১ |
৩) | যাদু | ১৬ |
৪) | ককাৰ লাখুটি | ২০ |
৫) | সাধুকথা | ২৫ |
৬) | উৰহি গছৰ ওৰ | ৩০ |
৭) | জোনবাইৰ দেশ আৰু নীৰ | ৩৪ |
আকাশী বেলুন
ইমন আৰু ভায়েক নয়নৰ ভাল কাজিয়া এখন লাগিল। ইমনহঁত আগদিনা মাকহতঁৰ লগত পূজা চাবলৈ গৈছিল। ইমনে কেইটামান গেচ দিয়া বেলুন কিনি আনিছিল। আনোতে জানো কম কষ্ট হৈছিল? গাড়ীৰ বাহিৰত বেলুন কেইটা দি সূতা কেইডাল ভিতৰৰ পৰা ধৰি আনিব লগা হৈছিল। আহিয়ে সি আলহী ঘৰৰ টেবুলখনৰ খুটাঁত ভালকৈ বান্ধি থৈ দুৱাৰখন জপাই থৈছিল যাতে কোনেও নিব নোৱাৰে। পিছে [ ৬ ] ৰাতিপুৱা শোৱাৰ পৰা উঠি চায়হি – যে তাৰে চাৰিটা বেলুন নাই। দুটাহে আছে। সি ভাবিলে নয়নে নিনিলে কোনে নিব? উৰিব পৰা বেলুন কেইটাৰে কিবা এটা কৰিবলৈ তাৰ ইচ্ছা আছিল। নতুন নতুন বস্তু সজা তাৰ এটা চখ।
সিহঁতৰ কোৰ্হাল শুনি দেউতাকৰ খং উঠিল। তেওঁ বাহিৰলৈ ওলাই আহিল। পিছে দেউতাকক দেখি গোচৰ তৰিবলৈ দুয়োটাই লৰি আহিল। দেউতাকে বুজালে খেল-ধেমালি ৰং মনেৰেহে কৰে, কাজিয়া পেচালেৰে নহয়। তেওঁ ইমনৰ কথা জানে। ল’ৰাটো কিবা এটা কৰাৰ ইচ্ছাতে থাকে। তেওঁ তাক উৎসাহো দিয়ে। নয়নহঁতে তৰ্কাতৰ্কি কৰি থাকোতেই ওপৰলৈ চাই হাঁহি হাঁহি ভনীয়েক কণমানি মুন দৌৰি আহিল। লগে লগে বিধুকাই।
–“সৌৱা সৌৱা চোৱা চোৱা – মোৰ কইনাজনী জোনবাইৰ দেশলৈ গৈছে –”। – মুনে চিঞৰিলে।
সকলোৱে ওপৰলৈ চালে।
ইমনৰ হেৰোৱা চাৰিটা বেলুন। একগোটকৈ বান্ধি থোৱা আছে। সেই বেলুনৰ সূতাত ওলমি আছে এখন মৰাঠাৰিৰ পালেং। তাতে বহি গৈছে চিফনৰ আঁচল উৰুৱাই মুনুৰ কইনাজনী। এধাৰি শেৱালি ফুলৰ মালাও উলমি আছে।
ইমন বাৰুকৈয়ে আচৰিত হ’ল। তাতকৈ আগতেই মুনে নতুন খেল দেখুৱালে। বিধুকাইয়ে ক’লে, বুদ্ধিতো মুনুৰে, তেওঁ মাথো সহায়হে [ ৭ ] কৰিছে।
আচঁৰিত হ’ল দেউতাকো। কণমানিজনীৰ মনত দেখোন ভাল ভাল চিন্তা।
“এনেকৈ যদি ময়ো উৰি যাব পাৰিলোহেঁতেন!!” ওপৰলৈ চাই চাইয়ে ইমনে ক’লে।
–“মানুহ তেনেকৈ যাব পাৰে নেকি, বুৰ্ব্বক।” নয়নে মুখতে ধৰিলে।
–“কিয় নোৱাৰি? উৰা জাহাজ ওলোৱা আগতে মানুহ এনেকৈয়ে উৰিছিল।”
দুয়োটাই দেউতাকলৈ চালে।
দেউতাকে পুনৰ ক’লে–
“এৰা; গেছত বেলুন উৰা দেখিয়ে গেছ ভৰাই বেলুনত যোৱাৰ বুদ্ধি ওলাল আক’।”
—“কেনেকৈ, কেনেকৈ দেউতা?” দুয়োটা দেউতাকৰ কাষ চাপি আহিল। সিহঁতৰ আগ্ৰহ দেখি দেউতাকে ক’বলৈ ধৰিলে – “এইবোৰ প্ৰায় আঢ়ৈশ বছৰৰ আগৰ কথা। ফ্ৰান্সৰ জন আৰু যোচেফ নামৰ ককাই ভাই দুটাই জুই পুৱাই আছিল। উৰি যোৱা ধোঁৱাবোৰ দেখি জনৰ এটা বুদ্ধি আহিল।”
“কি বুদ্ধি দেউতা?” সিহঁতে সুধিলে। তেওঁ সিহঁতৰ উৎসাহক বাধা নিদিলে। ক’লে–
“জনে দৌৰি গৈ এখন চিল্কৰ কাপোৰ যোগাৰ কৰি আনিলে। কাপোৰখন মোনাটোৰ দৰে কৰি তাত গৰম ধোঁৱা ভৰাই মুখখন বান্ধি দিলে। কাপোৰৰ বেলুন হৈ মোনা উৰি গৈ চিলিং পালেগৈ।
—‘বাঃ বাঃ’ নয়নে বৰ ৰস পালে।[ ৮ ] দেউতাকে ক’লে-
-“এৰা; সিহঁতেও বৰ ফুৰ্তি পালে। তাৰ পিছত দুয়ো ভাই বেলুন বনোৱা আৰু গৰম ধোঁৱাৰ বায়ু ভৰাই উৰোৱা কামত লাগি গ’ল৷ সঁচাকৈয়ে কাপোৰৰ বেলুন আকাশত উৰি ফুৰিল। তাকে চাবলৈ মানুহৰ ভিৰ লাগিল।”
-“বেলুনত সিহঁতো গৈছিলনে দেউতা?” কণমানি মুনে সুধিলে। তাইৰো হেঁপাহ দেখি দেউতাকে হাঁহিলে। ক’লে - “প্ৰথমে ভেৰা আৰু পাতিহাঁহ দুটামানহে উঠিল। গোটোং ধৰণৰ সিহঁতে এলুমিনিয়ামৰ চৰিয়া এটা তাত বান্ধি হাঁহ কেইটা তুলি দি - চালে - জীৱ যাব পাৰে নে নোৱাৰে। এই কথাশুনি চাবলৈ ফ্ৰান্সৰ ৰজা লুইও ঢপলিয়াই আহিছিল। ৮ মিনিট সময়ত আকাশত উৰি সিহঁতে ডেৰমাইলমান দূৰত গৈ মাটিত পৰিলহি। পিছে একো হানি বিঘিনি নহ’ল দেই-।”
-“আঁও -!! বিধুকায়ে বিচূৰ্ত্তি খালে।
দেউতাকে পুনৰ কৈ গ’ল-
-“জন যোচেকৰ সাহস বাঢ়িল। এইবাৰ সিহঁতে মানুহ পঠিয়াবলৈ যো-জা কৰিলে! ৰজাইও টকা-পইচাৰে সহায় কৰিলে। বেলুনত যাবলৈ মৰিলেও মৰিব বুলি আচামী এটাও দিলে। তাকে দেখি মহা পণ্ডিত এজনে বোলে- প্ৰথম আকাশলৈ কয়দীহে যাবনে? মই যাম। তেওঁৰ লগত ডেকাল'ৰা এটাও যাবলৈ ওলাল। জনহঁতে নিখুঁত বেলুন এটা তৈয়াৰ কৰি গৰম ধোঁৱা বায়ু ভৰালে। ভালদৰে বান্ধি তলত মানুহ যাব পৰা ব্যৱস্থা কৰিলে। দুয়োজন বেলুনত উঠিল। শশ মানুহে চাবলৈ [ ৯ ] লৰি আহিল। এইবাৰো তেওঁলোক সফল হ’ল। পেৰিচৰ ওখ ওখ অট্টালিকাৰ ওপৰেৰে লাহে লাহে বেলুন উৰি গৈ থাকিল আধা ঘন্টা মান। তাৰপিছত হানি বিঘিনি নোহোৱাকৈ আহি তল পালেহি। সেই দিনটো আছিল ১৭৮৩ চনৰ ২১ নবেম্বৰ। ই পৃথিৱীৰ বুৰঞ্জীত ৰৈ গ’ল।”
নয়নে মনৰ উলাহতে চিঞৰিলে- “কম নহয় দেই-।”
–“শুন; তাৰ দহদিনৰ পিছতে আক’ আৰু উত্তম কৰি মানুহ যোৱা বেলুন ঠিক কৰিলে। এইবাৰ বেলুনত গ’ল বিজ্ঞানৰ জ্ঞান থকা পণ্ডিত চাৰ্লচ নামৰ এজন। তেওঁ লগত আৰু এজন ললে। বেলুনত গৰম বায়ু ভৰাই এৰি দিলে। চাবলৈ দুই লাখ মান মানুহ গোট খালে। পিছে ডাঙৰ কথা এটাও হৈছিল। দুয়োজন আকাশত উৰি উৰি মাটিলৈ নমাৰ সময়ত এজন নামি আহিল। চাৰ্লচ নামিবলৈ নৌ পাওঁতেই ওজন পাতল হোৱাত বেলুন গৈ আকৌ আকাশ পালেগৈ৷ ইফালে নিশা হৈ আহিল। মানুহৰ হৈ চৈ লাগিল। চাৰ্লচৰ ভয়ত জীউ ওলাব লগীয়া হ’ল। ভাগ্যে যেনিবা বহু পৰৰ মূৰত বিপদ নোহোৱাকৈ মাটিত নামিব পাৰিলে। চাৰ্লচে নামিয়ে জীৱনত আৰু বেলুনত নুঠো বুলি শপত খালে।”
গোটেই কেইটাই হাঁহিৰ খলকনি তুলিলে। নয়নে কিন্তু প্ৰশ্ন কৰিলে-
-“দেউতা, দুটা মানুহ কেনেকৈ নপৰাকৈ যাব পাৰিলে?”
দেউতাকে ক’লে- “আচলতে গৰম বায়ু বতাহতকৈ বহুত পাতল। গতিকে বতাহে যেনি তেনি লৈ যাব পাৰে, মানুহ অনায়েসে তেনেই [ ১০ ] পাতল বেলুনত গুচি যাব পাৰে। পিছে এটা কথা দেই - ইয়াত বতাহৰ ওপৰতে নিৰ্ভৰ কৰি উৰি যাব লগা হয়। মানুহে একো কৰিব পৰা নাছিল। এই অসুবিধা দূৰ কৰিবলৈ বহুকেইজনে গৱেষণা চলালে। তাৰপিছত বহু বছৰৰ পিছত মানে ১৮৫২ চনত এজন হেনৰী গিফাৰ্ড নামৰ ইঞ্জিনিয়াৰে পোন প্ৰথম বেলুনত ভাপকল আৰু ‘প্ৰেপেলাৰ’ নামৰ এবিধ পাখি থকা চকৰি ব্যৱহাৰ কৰি চালে। ফলত তেতিয়া ইচ্ছা অনুসৰি যেনি তেনি যাব পৰা হ’ল। এনেকুৱা বেলুনবোৰক ‘ডিৰিজিৱল’ বোলা হৈছিল।”
-“তাৰমানে জনহঁতে বেলুন উলিওৱাৰ পিছত আনেও উলিয়াবলৈ ধৰিলে?” নয়নৰ কথাত দেউতাকে ক’লে- “এৰা আক’-। দিনে দিনে, আৰু উন্নত ধৰণৰ হ’ল। তাৰ পিছত লাহে লাহে আমি আজি দেখা উৰা জাহাজৰ সৃষ্টি হ’লগৈ।
নয়নহঁতক মাকে ভিতৰৰ পৰা চাহ খাবলৈ ৰিঙিয়ালে। ভজা লুচিৰ গোন্ধ সিহঁতৰ নাকত লাগিছিলেই।
সিহঁতক চাহ খাবলৈ যাবলৈ কৈ দেউতাকে হাত মুখ ধুবলৈ গ’ল।
◇◇◇◇◇◇◇◇◇◇
ৰ’দে ৰং ভাল পায়
ৰিকি,ৰনী আৰু ৰুনী যেতিয়া আইতাকৰ ঘৰ পালেহি, তেতিয়া বেলি মূৰৰ পোন হ’বৰ হ’লহি। মাকে হ’লে খুৱাই ধুৱাই সিহঁতক সোনকালেই পঠিয়াইছিল।
সিহঁতৰ এতিয়া গৰমৰ বন্ধ। আইতাকৰ ঘৰলৈ আহিবলৈ কুতুৰি আছিল। মাকে দুদিনমানৰ পিছত নিজে লৈ আহিম বুলিছিল। সিহঁতে [ ১২ ] নুশুনিলে। গৰমৰ বন্ধত সিহঁতৰ স্কুলৰ পৰা দিয়া বহুত কাম। গানৰ স্কুল, খেলা ধূলাতো আছেই।
মামাকৰ ঘৰ মাথো এমাইল মানহে দূৰত। অহা-যোৱাৰ বাটত সকলো চিনাকি মানুহ। সেয়ে ভয় কৰিবলগীয়া নাই। সোনকালে অহা ৰিকি ৰনীয়ে বাটত ৰৈ ৰৈ চিনাকি অচিনাকি ল’ৰা-ছোৱালীহঁতৰ লগত খেলি, কাজিয়া কৰি আহোঁতেই অত দেৰি হ’ল। ইফালে ৰুনীজনী গৰমত তথৈবচ!
মামাকে চোতালৰ একাষত ছাঁত স্কুটাৰখন চাফা কৰি আছিল পদুলিত সিহঁতক দেখি ওচৰ পালেহি৷
মামাকে দেখিলে তিনিওটা ঘামি জামি অৱস্থা নাইকীয়া হৈ পৰিছে। ৰুনীৰ সেন্দুৰীয়া মুখখনৰ পৰা যেন ফুটি তেজহে ওলাব। তাতে ক’লা ৰঙৰ চাটিনৰ ফ্ৰক।
-“আঁহা আহাহঁক। মাৰাই ফোন এটা কৰিব নোৱাৰিলেনে? মই লৈ আহিলোগৈ হেঁতেন।” কৈ কৈ মামাকে সিহঁতক নি চ’ৰা ঘৰত বহুৱালেগৈ। তেঁও দুয়োখন ফেন চলাই দিলে।
-“তুমি ক’লা ফ্ৰকটো কিয় পিন্ধিলা ৰুনীমা?”
-“কিয় মামা?” তাই সুধিলে।
-“ৰ’দত ক’লা ৰঙ নিপিন্ধে নহয়।”
-“ কিয়?” তাই আকৌ সুধিলে।
-“ৰ’দে ক’লা ৰঙ ভাল পায়, আৰু তাৰ ওচৰলৈ বেছিকৈ আহে। আহিলেতো বেছিকৈ গৰম লাগিবই।”
-“ইঃ তুমি কেনেকৈ জানিলা?” ৰনীয়ে বিশ্বাস নকৰিলে।
-“বাৰু মই পিছত বুজাই দিম,” মামা ভিতৰলৈ গ'ল।[ ১৩ ] অলপ পিছতে জুনুমাহী উধাতু খাই ওলাই আহিল।
-“ইচ্ ইচ! দুপৰীয়াখন ক’ৰপৰা ওলালিহঁক বাৰু?”
জুনুমাহীয়ে সিহঁতক চাৰ্টবোৰ খুলিবলৈ কৈ সিহঁতে অনা বেগ দুটা ভিতৰলৈ লৈ গ'ল। যাওঁতে ৰুনীকো লৈ গ'ল। অলপ পিছতে আইতাকো ওলালহি। নিজৰ চাদৰৰ আচলেৰে সিহঁতৰ হাতমুখ মুচি দিলে। দুপৰীয়াখন এনেদৰে অহাত ৰিকিহঁতৰ মাককে দোষ দিলে।
জুনুমাহীয়ে নেমুৰ চৰবৎ লৈ আহিল। চৰবৎ খাই উঠি আটাইকেইটাকে গা-ধুবলৈ ক'লে। ইতিমধ্যে ৰুনীক হাতমুখ ধুৱাই দিছেই। ৰুনীয়ে আইতাকক দেখি সাৱটি ধৰিলেগৈ।
-“আইজনী, তুমিও আহিছা?” চুমা দুটামান খাই আইতাকে ক'লে। ৰিকিহঁতে গা-পা ধুই ল’লে। মামীয়েকে দিয়া জলপান খাই বাৰান্দাত থকা ঝুলনাখনত উঠিবলৈ দুয়োটা দৌৰি আহিল। দুয়োটাৰে হুলস্থুল দেখি ৰুনীক লৈ ওলাই অহা জুনুমাহীয়ে ক’লে- “কাজিয়া নকৰিবাহঁক, পিছে প্ৰথমে আমাৰ ৰুনীহে উঠিব দেই।”
সিহঁতে আইতাকৰ ঘৰখন বৰ ভালপায়। যি ইচ্ছা তাকে কৰিব পাৰে। ধমক্ দিওঁতা কোনো নাই। জুনুমাহী, আইতাকে সিহঁতক টোপকে পৰিবলৈ নিদিয়ে।
মামাক দেখি ৰনী চিঞৰি উঠিল-
-“মামা, মামা ৰ’দৰ কথাটো কোৱাছোন।”
“অঁ অঁ মামা কোৱানা” ৰিকি ৰনীও মামাকক ধৰিলে৷
-“তেন্তে ৰ’বা বাৰু৷” তেওঁ ভিতৰ পালেগৈ। ক্ষন্তেক পিছত কাঁহি এখনত বৰফৰ ডাঙৰ টুকুৰা এটা আৰু ৰঙ বিৰঙৰ কাপোৰৰ সৰু টুকুৰা দুটামান লৈ ওলাই আহিল।
সিহঁত ওচৰ চাপি আহিল। মামাই কোৱামতে জুনুমাহীয়ে ইস্ত্ৰিটো [ ১৪ ] গৰম কৰি আনিলে। গৰম ইস্ত্ৰিত জুনুমাহীৰ চাদৰৰ আঁচলটো গৰম কৰি বৰফ টুকুৰাৰ এটা ফাল সমান কৰি ল'লে। তাৰ পিছত বৰফৰ চপৰাটোৰ ওপৰত ৰঙবিৰঙৰ কাপোৰ কেইখন পাৰি দিলে। বৰফ থকা কাঁহিখনত চোতালৰ ৰ’দত থৈ ক'লে-
-“চাই থাকিবাহঁক দেই-।”
গোটেই মখাই কাঁহিখনলৈ থৰ হৈ চাই থাকিল।
কিছু সময়ৰ পিছত মামাই কাঁহিখন ৰ'দৰ পৰা আনি বাৰান্দাৰ টেবুলত থলেহি। মামাই কাপোৰ কেইটুকুৰা আঁতৰাই দিলত দেখা গল সৰু সৰু গাঁত।
-“দেখিছা?” মামাকে ক'লে৷
–“ইঃ কিনো কথাটো হ'ল। ৰ'দৰ তাপত বৰফ গলি গাঁত হৈ গৈছে আৰু।” ৰনীয়ে টপৰ্ কৰে মাত দিলে।
-“ঠিকেই। পিছে আটাতকৈ দ গাঁত কোনটো?” মামাৰ প্ৰশ্ন শুনি আটাইকেইটাই ভালকৈ নিৰীক্ষণ কৰিবলৈ ধৰিলে।
-“এইটো, এইটো।” ৰিকিয়ে দেখুৱালে।
-“তাত কি ৰঙৰ কাপোৰৰ টুকুৰাৰ আছিল জানানে?”
-“ক’লা নেকি!” জুনুমাহীয়ে ক'লে।
-“আৰু কম গাঁত কোনটো?” মামাই সুধিলে।
-“এইটো!” বনীয়ে আঙুলিয়ালে।
-“এতিয়া বুজিলানে? নানা ৰঙে ৰ'দৰ তাপ নানা মাত্ৰাত শুহি। লয়। ডাঠ বা ক'লা ৰঙে অধিক ভাবে ৰ’দৰ তাপ শুহি লয়। পাতল বা বগাই তেনেই কম।”
-“আৰু সেই বাবেই গৰমৰ দিনত আমি সদায় পাতল ৰঙৰ কাপোৰ পিন্ধিব লাগে।” মামাৰ কথা জুনুমাহীয়ে পুৰা কৰিলে।
-“সেই কাৰণে মায়ে মোক ক'লা ৰঙৰ ফ্ৰকটো পিন্ধিবলৈ দিয়া [ ১৫ ] নাছিল ছাগৈ।” ৰনীৰ কথা শুনি জুনুমাহীহঁতে হাঁহিলে। পিছে ৰুনীয়ে আকৌ সুধিলে-
-“বেলিটো ইমান গৰম কিয় মামা?”
–“বেলিটো অতি তপত গেছেৰে গঠিত হৈছে আক’।”
“জানো জানো আচলতে বেলিটো পৃথিৱীতকৈও প্ৰকাণ্ড। বহুত দূৰত থাকে বাবেহে আমি সৰু দেখো।” মামাৰ কথা শেষ হ’বলৈ নিদি ৰিকীয়ে ক'লে।
-“আৰু জানানে? বেলিটোতকৈও ডাঙৰ তৰা আছে। তাপো আছে, পোহৰো আছে। পিছে কুটি কুটি দূৰত আছে বাবে আমাৰ চকুত নপৰে।” জুনু মাহীৰ কথাশুনি ৰুনীয়ে ক'লে- “তেতিয়া হ’লে তুমি ক’ত দেখিলা?”
-“এইবোৰ আমাৰ নিচিনা মানুহে ক’ত দেখিম? মহা মহা পণ্ডিতসকলে, বিজ্ঞানীসকলে গৱেষণা কৰি, দিনে নিশাই তাকে চিন্তা কৰি, পৰীক্ষা কৰি থাকে আৰু কথাবোৰ তেওঁলোকৰপৰা আমি জানিব পাৰো।”
ৰুনীয়ে জুনুমাহীৰ মুখলৈ চাই থাকিল।
জুনুমাহীয়ে আকৌ ক'লে- “যেতিয়া ডাঙৰ হ’বা, কিতাপ পঢ়ি আৰু বহুত কথা জানিব পাৰিবা।”
তেনেতে আইতাকে আহি সিহঁতক ভাত খাবলৈ মাতিলেহি। আইতাকৰ হাতৰ আঞ্জাৰে ভাত খোৱাৰ হেঁপাহত ৰিকীহঁত পাগ ঘৰলৈ দৌৰিল। সিহঁত আহিলে আইতাকে এখন নিজ হাতে আঞ্জা ৰান্ধেই।
◇◇◇◇◇◇◇
যাদু
-“যাদু, যাদু, যাদু”- অহিৰৰ চিঞৰত বাটত মাৰ্বল খেলি থকা
অমৰ, বুবুলহঁতে উভটি চালে।
ইতিমধ্যে অহিৰে এহাতে টুল এখন আনহাতে চৰিয়া এটা লৈ চোতালৰ মূৰ পালেহিয়েই।
অমৰ, বুবুল, অমৃত, টুটু, মইনা গোটেইবোৰ লৰি আহিল। সিহঁতে ভালদৰে জানে অহিৰ এলাপেচা ল’ৰা নহয়। তাৰ মূৰত আনে নজনা কথা কিছুমান ঠাহ খাই থাকে। সি জানো কম কিতাপ পঢ়ে! মাকে [ ১৭ ] তাক পৃথিৱীখনৰ কিতাপ আনি দিয়ে। মাকে কলেজত পঢ়ুৱায়। সেইবাবে সি মাকৰ পৰাও ঢেৰ কথা জানে বুলিয়ে সিহঁতে ভাবে।
“কি যাদু?” পাহি নামৰ কণমানিজনীয়ে বুটলি থকা বকুলৰ গুটি কেইটা ফ্ৰকটোত খামুচি লৈ দৌৰি আহিল৷
অহিৰে টুলখনৰ ওপৰত চিলভাৰৰ চৰিয়াটো থৈ টুটুক ক’লে-
-“যা, আমাৰ পাগঘৰৰ পৰা পানী এক ঝাৰ আনগৈ।” টুটু দৌৰ মাৰিলে।
-“চেনি খাই কোনে ভাল পাৱহঁক?” অহিৰে প্ৰশ্ন কৰিলে।
-“মই মই মই—৷” সিহঁতে ক'লে। পাহিয়েও ক’লে- ‘মই’।
-“মোৰ জিঞাৰাণীয়েও মিঠা বিচাৰি ফুৰে বুইছ?”
–কৈ কৈ অহিৰে তাৰ পেন্টৰ পকেটৰ পৰা সৰু টেমা এটা উলিয়ালে। তাৰ ‘বামুৰ্দা' নামৰ দীঘল হাফ পেন্টটোত পোন্ধৰটা মান পকেট।
-“কি? জিঞাঁৰাণী?” বুবুলে আচৰিত হৈ সুধিলে।
অহিৰে টেমাটো খুলিলে। তাত আছিল জুই শলা এডালত ঠৰঙা পাতল টিচু পেপাৰৰ সৰুকৈ কটা পাখি দুখনি আঠা লগাই সজা জিঞাঁজনী। খাৰৰ কলা টুপটোত মাকৰ সেন্দুৰেৰে চকুহেন কৰি দুটা ফুট।
অহিৰে ক'লে-
-“এইজনী মোৰ জিঞাঁজনী। তাই মিঠা খাই, বৰ ভাল পায়।” গির্জনি মাৰি গোটেইজাকে হাঁহি দিলে।
[ ১৮ ] -“দেখুৱাই দিম ৰ,-” অহিৰে টুটুৱে অনা পানী ঝাৰ সাৱধানেৰে চৰিয়াটোত ঢালিলে। ক্ষন্তেক ৰৈ স্থিৰ হৈ পৰা পানী চৰিয়ালৈ চাই ক'লে-
-“আঁতৰি থাকহঁক। চৰিয়াটো নুচুবি।”
আটাইকেইটা গোল হৈ চৰিয়াটো নুছুৱাকৈ চাই থাকিল। মাইনা, পাহি, ৰুবী আৰু মিমি আগত থাকিল৷
অহিৰে পকেট এটাৰ পৰা এটুকুৰা সৰু কাপোৰ উলিয়ালে। লগতে চেনি ভৰোৱা বটল এটা আৰু সূতা এডাল, সি কাপোৰ টুকুৰাত চেনি অলপ ঢালি সৰু টোপোলা এটা কৰিলে৷ টোপোলাটোত সূতাডাল বান্ধি ওলোমাই ল'লে৷
অহিৰে জিঞাঁৰাণীক পানীৰ সোঁ মাজত থলে। থৰ হৈ জিঞাঁৰাণী ৰৈ থাকিল৷
–“দেখিছনে কেনেকৈ গপছত ৰৈ আছে। এতিয়া চাবি। অহিৰে লাহেকৈ চেনিৰ টোপোলাটো চৰিয়াৰ পানীখিনিৰ একাষত আধা সুমুৱাই দিলে।
ক্ষন্তেক পৰ হ’ল।
তাৰপিছত দেখা গ'ল ধীৰে ধীৰে জিঞাঁৰাণী চেনিৰ টোপোলাটোৰ ফালে আগবাঢ়িছে।
-“হয় ভাই, হয় ভাই।” সিহঁতে চিঞৰিলে।
এটা সময়ত জিঞাঁজনী আহি টোপোলাটোত মুখ থলেহি। অহিৰেও যাদু সামৰিলে। লগে লগে জিঞাঁৰাণীক তুলি আনি চুমা এটা খাই টেমাত ভৰালে। যেন দুয়োৰে জনা বুজাহে আছে।
[ ১৯ ] -“পিছে সাঁথৰটো ভাঙি দিয়া।”
সকলোৱে উভটি চালে। অহিৰৰ মাক। কামৰপৰা আহি তেওঁ খেলটো চাই আছিল।
-“নালাগে মা, মোৰ যাদু পণ্ড হ’ব।”
মাকে হাঁহিলে। ক'লে-
–“যিসকলে যাদু লৈ ব্যৱসায় কৰে, তেওঁলোকৰ বাবে ‘চিক্ৰেট’ৰ দৰ্কাৰ। তুমি যে বহু কথা জানা বন্ধুহঁতক জনাই দিয়া।” মাক ভিতৰলৈ গ'লগৈ।
মাকে তাক বহুকথা জনা বুলি লগৰীয়াৰ ওচৰত শলাগ লোৱাত তাৰ ভাল লাগি গ'ল। সি গহীন হৈ কৈ গ'ল-
-“আচলতে একো কথা নাই। অলপ বুদ্ধি আৰু জ্ঞানৰ দৰ্কাৰ।”
-“তাকেইতো ক’ ভাই।” বুবুলে ক’লে।
“চৰিয়াটোৰ পানীত যেতিয়া চেনিৰ টোপোলাটো নেথাকে পানী সমান হৈ থাকিব। তেতিয়া এঠাইত জিঞাঁজনীক থলো। কিন্তু যেতিয়া মই চেনিৰ টোপোলাটো আধা ডুবাই ধৰি থাকিলো; তেতিয়া চেনিখিনি গলি বলৈ ললে। গলি যোৱাত সেই ঠাইৰ পানীখিনি গধুৰ হৈ তললৈ যাবলৈ ধৰিলে আৰু সেই ঠাই পুৰাবলৈ আপোনা-আপোনি পাতল পানীখিনি গুচি আহিবই। লগতে মোৰ জিঞাৰাণীও।”
“বাঃ বাঃ মিঠা খোৱা জিঞাঁৰাণী!”
হাঁহিৰে অহিৰৰ চোতাল ৰজন্ জনাই উঠিল।
❖❖❖❖❖❖❖❖
ককাৰ লাখুটি
ককাই হৈ চৈ লগাই দিলে। সদায় থোৱা ঠাই দুৱাৰ চুকতে
থোৱা ককাৰ লাখুটিডাল নাই.-“কোনে নিলিহঁত। বস্তুবোৰ কলৈ যায়।”
ককাৰ ধৰ্মকিত কেনিও সাৰসুৰ নহ’ল।
ঘৰখন নিতাল মাৰিছিল। দুপৰীয়া খাই বৈ শুৱলৈ লোৱা বিজু, [ ২১ ] অপু আৰু পাপুৱে ডবৰা ডবৰি কৰি শেষত শুই পৰিছিল। মাকে পিছ বাবান্দাত থকা তাঁতশালত বহিছিল গৈ। বনকৰা ৰমাই ক'ৰবাত টোপনি মাৰিছিল। পিছে বিজুৰ ককাদেউতাকৰ চিঞৰত সি ধৰমকৈ উঠি- কথাটোনো কি মনে মনে উমান লৈ থাকিল। আনহতে বিজুহঁতো সাৰ পাই গ'ল। ইটোৱে সিটোৰ মুখলৈ চালে। আটাইতকৈ সৰু পাপুৱে ক’বলৈ মুখ মেলিছিলেই। অপুৱে তাৰ মুখত সোপা মাৰি ধৰিলে।
যুদ্ধ যুদ্ধ খেলিবলৈ বিজু আৰু অপুৱে ককাৰ লাখুটিডাল মাজতে কাটি দুটুকুৰা কৰি লৈছিল। বুদ্ধিতো আঠ বছৰীয়া অপুৰ আছিল। বিজু তাতকৈ দুবছৰে ডাঙৰ হ'লেও অপুৰ বুদ্ধি বেছি চোকা।
বেলি লহিয়ালেই ককা এপাক এনেয়ে ওলাই যোৱা অভ্যাস। বাটে বাটে গৈ গোটেই পথাৰখন পাক এটা দি ৰেল লাইনৰ পিনেও কিছুদূৰ যায়গৈ কেতিয়াবা। হাতত নিজে তৈয়াৰ কৰি লোৱা নিমজ, চিকচিকীয়া এডাল বাঁহৰ লাখুটি। বাঁহৰ গাঁঠিবোৰ এনেকৈ চুঁচি মাজি লোৱা গাঁঠি থকা বুলি ধৰিবই নোৱাৰি।
অপুৰ মাকে চাৰিওফালে ঘুমুটিয়াই বিচাৰিলে যদিও নেপালে। তেওঁৰ নিজকে বৰ দোষী দোষী যেন লাগিল। লাখুটি নেপায় ককা ভোৰ্ ভোৰাই ওলাই গ'ল।
গধুলি হ’ল। ককা উভটি আহি অপুৰ মাকে যতনাই থোৱা পানীৰে হাতমুখ ধুই বাৰান্দাত বহিলহি। অপুৰ মাকে তেওঁক চাহকাপ দিলেহি। ককাৰ খঙ তেতিয়ালৈ শাম কাটিছিল।
চাহ খাই থাকোতে ককাই লক্ষ্য কৰিলে আজি দেখোন ইহঁত এটাও নাই। আনদিনা এটা এটাকৈ তিনিওটা আহি ওলায়হি। সিহঁতৰ কত কথা কত ওজৰ আপত্তি! তেওঁ মাতিলে-
-“বোৱাৰী, ইহঁত ক’লৈ গ'ল?”[ ২২ ] দুৱাৰৰ ভিতৰফালে থকা সিহঁত কেইটাৰ জীৱ উৰি গ'ল। অপু আৰু বিজু দুপ্ দুপাই ভিতৰ পালেগৈ। পাপু ওলাই আহিল।
“ককা, মই হলে আপোনাৰ লাখুটিডাল কটা নাই দেই।” সি ককাকৰ ওচৰত ৰ’লহি।
–‘কি?’ ককাকে বিচূৰ্ত্তি খালে৷ তাৰমানে খটাসুৰ কেইটাই মোৰ লাকুটিডাল কাটি ধ্বংস কৰিলে!
-“অপু,-বিজু।” ককাই চিঞৰিলে।
দুয়োটা আহি ককাৰ ওচৰত তলমূৰকৈ ৰ’লহি।
-“কোনটোৱে মোৰ লাখুটিডাল কাটিলি ক’-।”
চলবুজি অপুৱে ককাকৰ ডিঙিত সাৱটি ধৰিলেগৈ।
সি ক'লে-
“আপুনি ইমান বুঢ়া হোৱা নাই নহয়৷ কিয়নো লাখুটিডাল লৈ ফুৰিব লাগে?”
-“হেৰ’ মই বুঢ়া হৈছো বুলিনো কোনে কৈছে?”
-“তেন্তে লাখুটিডাল কেলেইনো?” সাহস পাই বিজুও ওচৰ চাপি আহিল৷
-“কেলেইনো মানে?” লাখুটি মানুহৰ কৌটি কালৰ সাৰথি। এসময়ত লাখুটিয়ে মানুহৰ জীয়াই থকা বাট আছিল।
–“কিনো কৈছা ককা? আপোনাৰ নিচিনাকৈ চব মানুহে লাখুটি লৈ নুফুৰে নহয়।” অপুৱে কলে৷
ককাই ক'লে-
-“মই কওঁ শুন। আমি মানুহবোৰ এতিয়াহে এনেকৈ আৰামত [ ২৩ ] জীৱন কটাই আছো। যেতিয়া মানুহ প্ৰথম প্ৰথম জনম পাইছিল। মানে ধৰ আজিৰ পৰা প্ৰায় ২০ লাখ বছৰৰ আগতে। সেই মানুহবোৰ আছিল আদিম মানুহ।
-“তাৰমানে বান্দৰ যে?” বিজুৱে সুধিলে।
-“তেনেকৈ ক’ব নেপায়। বান্দৰৰ নিচিনা।” ককাই শুধৰালে।
–“সিহঁতে লাখুটি লৈ আছিল ককা?” পাপুৱে ককাকৰ কোলাত পিঠিফালে ভৰি দুটা থৈ মুখামুখিকৈ বহি সুধিলে।
-“ধেৎ অঁকাৰাটো। মই বাৰু তহঁতক ভালকৈ বুজাই কঁও দে।” ককাই পাপুক কোলাৰ পৰা নমাই ওচৰত বহুৱালে। বিজু আৰু অপুও বহিল।
-“বহুকালৰ আগতে- কৈছোৱেই নহয় ২০ লাখ বছৰতকৈও আগৰ হব। তেতিয়া পৰ্ব্বত-পাহাৰতকৈ চাৰিওদিশে কেৱল হাবি-জংঘল আৰু বিশাল সাগৰ, নদী আদিয়ে বেছি। হাবিবোৰত কিছুমান জীৱ আছিল, মানুহো নহয় বান্দৰো নহয়। সিহঁতে জপিয়াই জপিয়াই গছে গছে ঘূৰি ফুৰে। খোজ কাঢ়িব নেজানে দুইভৰিৰে। হাত দুটাও আগফালে মাটিত থৈ ভৰ দি আগবাঢ়ি যায়। সিহঁতৰ সংখ্যা বৰ বেছি নাছিল। মাজে মাজে বৰষুণত পানীৰে গোটেইখন একাকাৰ হৈ পৰে। সিহঁতে ওখ শুকান ঠাই বিচাৰি অ'ৰ পৰা তলৈ, ত’ৰ পৰা কৰবালৈ বাটকুৰি বাই বিচাৰি যাব লগীয়া হৈছিল। এইদৰে যাওঁতে যাওঁতে ভাগৰত অৱস্থা নাইকীয়া হয়, হাতৰ তলুৱা ফাটি যায়। বৰ কষ্ট কৰি দুইভৰিৰে খোজ কাঢ়িবলৈ শিকি ললে। প্ৰথম অৱস্থাত হাতৰ আঙুলিত জোৰেই নাছিল। পিছে পেটৰ ভোকৰ কাৰণে গছৰ ডাল ভাঙি, পুলি গছ উঘালি মৰিয়াই মৰিয়াই সৰু সৰু জন্তুবোৰ মাৰে। শিল দলিয়াইও পহু আদি মাৰে। এইদৰে কাম কৰোতে কৰোতে হাতৰ তলুৱা টান হ'ল। আঙুলিবোৰ পোন হ’ল।
[ ২৪ ] সিহঁতে এদিন হঠাৎ গম পালে যে শিলে শিলে খুন্দিয়ালে জুই ওলায়। জুই উলিয়াই বস্তুবোৰ পুৰি খাবলৈ ল'লে। সিহঁতৰ বৰ কষ্ট হৈছিল। বনৰীয়া জন্তুৱে কেতিয়াবা মাৰিও পেলাইছিল। সেইবাবে সিহঁতে সদায় হাতত একোডাল একোডাল টাঙোন বনাই লৈ থাকিবলৈ ধৰিলে৷ সেইবোৰ চোকা ধাৰ থকা শিলেৰে কাটি সুবিধা কৰি লৈছিল। কৰবালৈ গলে হাতত লৈ যোৱাত তাত ভৰ দি খাল ডোং পাৰ হ’বলৈ, সাপ, বেং কোবাই মাৰিবলৈ, জন্তু জানোৱাৰ খেদিবলৈ বা বধিবলৈ বৰ সহায় হ’ল। পৰিশ্ৰম কৰাৰ ফলত সিহঁত বলবান হ’বলৈ ধৰিলে৷
এইদৰে সিহঁতৰ লাহে লাহে শৰীৰ পোন আৰু মজবুত হ’ল। বুদ্ধিও বাঢ়িল। কিন্তু হাতৰ টাঙোন নেৰিলে। মানুহ সভ্য হৈ আজিৰ নিচিনা হ’ল। টাঙোনবোৰো সুন্দৰ কৰি লাখুটি কৰি ল'লে। আমাৰ দেউতা ককাদেউতাৰ হঁতৰ দিনত হাতত ধুনীয়া লাখুটি থকাজনক বৰ মান থকা মানুহ বুলি ধৰিছিল বুইছ। আজিও কতই ষ্টীলৰ টুপ লগোৱা ৰূপৰ টুপ লগোৱা লাখুটি বনায় লয়।”
-“মই হ’লে আমাৰ স্কুলৰ কেৰানীজনক প্লাষ্টিকৰ লাখুটি লোৱা দেখিছো দেই।” বিজুৱে ক'লে।
–“কিয় হিন্দী চাৰেও লয় নহয়।” অপুৱে লগে লগে ক’লে
-“এৰা লাখুটিডাল মানুহৰ বৰ দৰ্কাৰী বস্তু অ’। পিছে গাড়ীয়ে স্কুটাৰে ফুৰাবোৰৰ কথা বেলেগ।” ককাই ক'লে
লাখুটিৰ বৰ্ণনা শুনি পকীতে বহি থকা ৰমাই ক'লে-
বাইদেউৱে কৈছে- দাদাক কৈ আপোনাক ষ্ট্ৰীলৰ ধুনীয়া লাখুটি এডাল আনি দিব হেনো দেউতা।”
-“বাৰু হ’বদে।”
বিজুহতঁক পঢ়া টেবুললৈ যাবলৈ কৈ ককা বাতৰি চাবলৈ টি.ভি.ৰ ওচৰলৈ গ'ল।
❖❖❖❖❖
সাধু কথা
নৱম মানত পঢ়া ৰূপমে স্কুলৰ পৰা আহি ভিতৰ সোমাই মাকক নেদেখি পিছফালে ভুমুকিয়াই চালে। সি দেখিলে পিছফালে মাক
কৰাইছে।
হাতমুখ ধুই ৰূপম মাকহঁতৰ ওচৰ পালেগৈ। ৰূপমক দেখি মাক লৰালৰিকৈ পাগঘৰ পালেহি। তাক খাবলৈ কোৱাৰ লগতে দেউতাককো চাহ কাপ খাবলৈ মাতি আহিল।
-“বাৰীখন চাফা কৰাই ভালেই কৰিছা দেউতা” টেবুলত খাবলৈ বহি ৰূপমে ক’লৈ৷
-“এৰা। এনেয়ে মাটিখিনি পৰি থকাতকৈ কামত লগাব লাগে।” দেউতাকৰ কথাশুনি সি টপৰ্কৰে ক'লে-
-“দেউতা এখন ফলমূলৰ বাৰী নবনোৱা কিয়?”
“ফলমূল?”
“অঁ- মধুৰিআম, কল, টিলিকিআম, তিয়হ- ইফালে বেঙেনা, শাক- পাচলিৰ দিনত শাক-পাচলি।”
-“বাৰু তোৰ এইবোৰত মূৰ নষ্ট কৰিব নেলাগে।”
দেউতাকৰ নিৰস কথাত ৰূপম গোমোঠা মাৰি ৰ'ল।
তাকে দেখি হাঁহি মাৰি মাকে ক'লে-
“দেউতাৰে তাত ভাৰাঘৰ সাজিব অ’।”
-“ভাৰাঘৰ আছেই দেখোন। ঘৰৰে ভেজাল নথকা কিবা এটা খোৱা যে কিমান ভাল।
“বাৰীৰে ইটো সিটো খাবলৈ পালে কাৰনো ভাল নেলাগে? - -পিছে প্ৰতিপালন কৰিবলৈ সময় কাৰ?” দেউতাকলৈ চাহ কাপ আগবঢ়াই মাকে ক’লে৷ চাহ একাপ তেওঁ নিজেও লৈ বহিল।
ৰূপম বিজ্ঞানৰ ছাত্ৰ। স্কুলত শিক্ষকে গেছৰ সহায়ত পকোৱা ফল, পাচলি আদি কিমান হানিকৰ সুন্দৰকৈ বুজায় কয়। আনহাতে [ ২৭ ] প্ৰাকৃতিকভাবে পকা ফলৰ উপকাৰেই বেলেগ। গছৰ ফল পকাত সহায় কৰে বায়ুত থকা ‘ইথিলিন’ নামৰ এবিধ গেছীয় হৰমনে। ই বায়ুত অতি কম পৰিমানে থাকে। এই হৰমনৰ প্ৰভাৱত ফল পকোৱা ‘এনযাইম’বোৰ তত্পৰ হৈ উঠে। এই ‘এনযাইম’বোৰে ফলবোৰৰ ভিতৰত থকা ‘পলি ছেকাৰাইড’ নামৰ যৌগক শৰ্কৰালৈও গঠিত কৰে - যি ফলৰ মিঠা স্বাদ। সেয়ে বায়ুত জোখত থকা ইথিলিন বৰ উপকাৰী।
ৰূপমে মুখ ফুটাই ক’লে-“জানানে মা গছৰ ফল পকাবলৈ বায়ুত থকা ‘ইথিলিন’ গেছ দৰ্কাৰী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ নিয়ন্ত্ৰকে ‘ইথিলিন’ নিৰাপদ বুলি ঘোষনা কৰি ইথিলিন গেছ কম পৰিমানে দিলে ফলৰ গুণাগুণ নষ্ট নহয় বুলি ব্যৱসায়ীক অনুমতি দিছে। কিন্তু ব্যৱসায়ীয়ে মানে ক’ত? জোখতকৈ বেছি ব্যৱহাৰ কৰি অতি সোনকালে ফল পকাবলৈ গৈ মানুহৰ অনিষ্ট কৰি আছে।”
“ব্যৱসায়ী, ব্যৱসায়ীয়েই। টকাৰ মুনাফাৰ বাহিৰে অন্য ভাল বেয়াৰ চিন্তা নাই।” মাকে আক্ষেপেৰে ক'লে।
-“অকল গেছয়েনে? বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰো দুষ্ট ব্যৱসায়ীহঁতেব্যৱহাৰ কৰি আহিছে।” দেউতাকৰ কথাশুনি মাকে ক'লে-
-“গেছ দি ফল পকায় বুলি শুনিছো কিন্তু ৰাসায়নিক পদাৰ্থ?”
ৰূপমে কলে-
“সঁচা মা। কেলচিয়াম কাৰ্বাইড, ইথৰেল, ইথিফন, বিথাইলিন আদি ৰাসায়নিক পদাৰ্থ ব্যৱসায়ী বিলাকে ব্যৱহাৰ কৰে।”
-“এইবোৰ খায়ে আমি আছো নহয়। কিন্তু এইবোৰ ব্যৱহাৰ হয় কেনেকৈ অ’?” মাকৰ কথাশুনি ৰূপমে ফঁহিয়াই ক’লে; যিদৰে শ্ৰেণীত
কথাবোৰ শিক্ষকে বুজাই কৈছিল-[ ২৮ ] -“এই পদাৰ্থবোৰ বায়ুত থকা জলীয় বাষ্পৰ লগত বিক্ৰিয়া ঘটিলে গেছ উৎপন্ন হয়। ধৰি লোৱা ইথৰেল আৰু ইথিফনৰ পৰা ইথিলিন গেছ উৎপন্ন হয়। কেলচিয়াম কাৰ্বাইডে বায়ুৰ জলীয় বাষ্পৰ লগত বিক্ৰিয়া ঘটাই এছি-টাইলিন গেছ কৰে। ইয়াৰ দ্বাৰাইও ফল পকায়।”
-“জানো বোপাই-!” মাক গ্ৰেজুৱেট যদিও কলা বিভাগৰ ছাত্ৰী আছিল। বিজ্ঞানৰ এই কথাবোৰৰ বৰকৈ ভূ নেপায়। দেউতাকে সহজভাবে ক'লে-
-“ধৰি লোৱা কেঁচা কলবোৰেই। কোঠালি এটাত পেলায় থয়। তাৰ মাজে মাজে খোলা পাত্ৰ কিছুমানত কেলচিয়াম কাবাইডৰ সৰু সৰু টুকুৰাবোৰ থৈ দিব। সেইবোৰত যেতিয়া বতাহ লাগিব এছিটাইলিন গেছ লৈ ৰূপান্তৰিত হৈ ফলবোৰ আৱৰি ধৰিব। আৰু ২৪ ঘন্টাতে কল পকি উঠিব।”
-“এই এছিটাইলিন গেছ মানুহৰ বাবে বৰ হানিকৰ।
ইয়াত আৰ্চেনিক ফফৰাচ আদি বিষাক্ত গেছ জড়িত হৈ থাকে।”-
ৰূপমে ক'লে।
দেউতাকে শলাগিলে-
-“এৰা। ভাৰতৰ স্বাস্থ্য আৰু ঔষধ নিয়ন্ত্ৰক প্ৰশাসনে এই বিধ গেছ ব্যৱহাৰ কৰিবলৈ নিষিদ্ধও কৰিছে। পিছে মানুহে টকাৰ লোভত কিমানবা মানিছে?”
-মাকে ইচ্ ইচালে-
[ ২৯ ] -“অৱশ্যে বিজ্ঞানীসকলে ফল পকোৱাৰ সৎ উপায়ৰ না না চিন্তা চৰ্চ্চা কৰি আছে। সফলো নোহোৱা নহয়।”
দেউতাকৰ কথা শুনি মাকে ক'লে-
-“হ’লেও একেই কথা। গছত পকা সমান কি হ’ব?”
পৃথিৱীখন তেনেকৈয়ে চলিবলৈ লৈছে।” দেউতাকে ক'লে।
“তাহানিতে মাহঁতৰ মুখত শুনিছিলো – গাঁওবোৰৰ হাবিয়ে
বননিয়ে, মানুহৰ ঘৰে ঘৰে আম, কঠালৰ, লেটেকু পনিয়লৰ গছ। খাই
অন্ত কৰিব নোৱাৰি। পুখুৰী-খাল, ভূঁই ৰোৱা পথাৰত পাচিয়ে পাচিয়ে
মাছ।”
মাকৰ কথাশুনি দেউতাকে ক'লে-
-“বুইছা সেই ৰামো নাই, অযোধ্যাও নাই। আজিকালি গাঁৱৰ
মাটি চন পৰি থাকে। চহৰত হোটেল দিবলৈ আহে ল’ৰাহঁত; নাঙল
ধৰিবলৈ লাজ পায়। খেতি এৰি চাকৰিমুখী হ’ল।”
-“ঠিকেই কৈছে। আচলতে লিখা পঢ়া শিকি উন্নত ধৰণেৰে খেতি বাতি কৰি নিজে ব্যৱসায় চলালে, মানুহৰো মঙ্গল হ’ব, দেশৰো উন্নতি হ’ব।”
-“কিন্তু উঠি অহা ল’ৰা-ছোৱালীহঁতে বুজিলেহে।”
-“হয় দিয়ক, আমি নিজ চকুৰে দেখা খেতি পথাৰ, বাৰীৰ আম
কঠাল- সকলো সাধুকথা যেন হ’ল।”
ৰূপমে মাক দেউতাকৰ কথোপকথনত ভাগ নলৈ জিৰাবলৈ লাহেকৈ উঠি গ'ল।
❖❖❖❖
উৰহি গছৰ ওৰ
অমৃত খুড়া ভাল বিবুধিত পৰিল। ভটিজাক ছয় বছৰীয়া মামনক কেনোমতেই নিচুকাব পৰা নাই।
অমৃত খুড়াৰ ঘৰ উখল মাখল। পূজাৰ বন্ধত ল’ৰা-ছোৱালীহঁতৰ সতে দুয়োজনী বায়েক আহিছে। ডাঙৰ বায়েকৰ যঁজা ল’ৰা তুষাল [ ৩১ ] আৰু বিশাল ‘চেভেন’ত সৰু পুতেক অমৰ ‘ফৰ’ত। সৰু বায়েকৰ ছোৱালী ইবু আৰু ইনু ক্ৰমে ‘চিক্স’ আৰু ‘ফাইভ’ত। সৰু ল’ৰা মহা উৎপতীয়া সাতবছৰীয়া ইকু ‘প্ৰাইমাৰী’ তে।
অমৃত খুড়াৰ দাদাকৰ ল’ৰা ঈষাণ আৰু কৃষান ‘চিক্সত’। সিহঁতৰ সৰু ভনী মামন।
ঘৰৰ গোটেইবোৰ তিৰোতা মানুহ মন্দিৰলৈ গৈছে। গতিকে ল’ৰা- ছোৱালীহঁতক চোৱাৰ দায়িত্ব অমৃত খুড়াক দি গৈছে। সিহঁতৰ চিঞৰ- বাখৰ হাঁহি কান্দোনে অমৃত খুড়াক বিলৈ নাইকীয়া কৰিছে।
গোটেই মখা বহল বাৰান্দাখনত কেম, লুডু খেলা, ছবি অঁকা আদিত মচগুল হৈ আছিল। পিছে খটাসুৰ বিকুৱে ছবি আঁকি থকা মামনৰ গোটেই সোপা ৰঙৰ পেন্সিল গোৰমাৰি ক'ৰবালৈ চিটিকাই পেলালে৷ তাতে মামনৰ ঢেঁটু ফলা চিঞঁৰ।
উপায় নেপায় অমৃত খুড়াই মামনক লৈ চ’ৰা ঘৰলৈ আহিল। মামনক চকী এখনত বহুৱাই ক'লে-
-“আমি কোনেও নেখেলা খেল এটা খেলিম দেই।”
খুড়া ভিতৰলৈ গ'ল। উচুপি উচুপি মামনে খুড়াকলৈ বাট চালে।
ইফালে বিকুৱে দুৱাৰৰ আঁৰ লৈ ৰৈ থাকিল। মামাকেনো কি খেল দেখুৱাই
সিও চাইহে এৰিব।
.
মামাই হাতত এটা গিলাচ লৈ ওলাই আহিল। ক’লে-
“মই ইমান ডাঙৰ খেল এটা দেখুৱাম ইবু বা, ঈষান দাদা কোনেও
নেদেখা।”
মামাই বাওঁহাতেৰে গিলাচটোলৈ সোঁহাতৰ তলুৱাত গিলাচৰ
তলফালটো ভালকৈ কিছু সময় ধৰি থাকিল। তাৰপিছত ক’লে-
[ ৩২ ] খুড়াই বাওঁহাতটো লাহেকৈ এৰি দিলে। সঁচাকৈয়ে গিলাচটো তলমূৰকৈ ওলমি থাকিল। এবাৰ, দুবাৰ – কেইবাবাৰো খুড়াই খেলটো খেলিলে।
মামনে বৰ ৰঙ পালে। তাই হাত চাপৰি মাৰি হাঁহি উঠিল। মনে মনে চাই থকা বিকু দুপ দুপাই দৌৰিগৈ সকলোকে খবৰ দিলেগৈ – যে অমৃত মামাই যাদু দেখুৱাইছে।
গোটেইমখা চ’ৰা ঘৰ পালেহি। চবেই খেলটো চালে। পিছে
তুষালে ক’লে-
-“বঢ়িয়া৷ পিছে মই মামাক ফেইল মৰাম চাবা-।” এইবুলি সি
ভিতৰলৈ গ'ল। হাতত পানী এবটল আৰু কাৰেন্ট গ’লে বিচিবলৈ
থোৱা আইতাকৰ ডাঠ কাগজখনৰ পৰা কাটি টুকুৰা এটা লৈ আহিল।
তুষালে গিলাচটো পানীৰে পূৰ কৰিলে। তাৰপিছত ডাঠ কাগজৰ টুকুৰাটো গিলাচৰ ওপৰত ঢাকি দিলে। তাৰপিছত বাওঁহাতেৰে কাগজখন হেঁচা মাৰি ধৰি সাৱধানেৰে গিলাচটো উবুৰিয়াই দিলে। তাৰ পিছত সোঁ হাতেৰে গিলাচটো ধৰি থাকিল; কিন্তু কাগজখন হেঁচামাৰি ধৰি থকা বাওঁহাতটো আঁতৰাই আনিলে। অমৃত খুড়াই চাই হাঁহি থাকিল।
-“দেখিছা?” তুষালে ক'লে।
সচাকৈয়ে গিলাচটোৰ পৰা পানীও নপৰিল। কাগজখনো সৰি নপৰিল।
সকলোৱে হাত চাপৰি মাৰি কিৰিলিয়াই উঠিল।
-“কেনে দেখিলা মামা?” তুষালে হাঁহিমাৰি সুধিলে।
-“অতি সুন্দৰ!” অমৃত খুড়াই শলাগিলে।
গোটেইজাকে খেলটো খেলিবলৈ চেষ্টা কৰিলে। পিছে নোৱাৰিলে। গিলাচ যাতে পৰি নাভাঙে অমৃত খুড়াই তলত কঠ এখন পাৰি দিলে।
[ ৩৩ ] -“কেনেকৈ নপৰাকৈ থাকে গিলাচটো কোৱানা?”
অমৃত খুড়াক সিহঁতে ঘেৰি ধৰিলে
মামাই ক'লে-
“এইবোৰ চব বতাহৰ চাপ বুজিলাহঁক? তুষালে যেতিয়া পানী ভৰোৱা গিলাচৰ মুখত ডাঠ কাগজখন থৈ ওভোটাই দিলে; ওপৰৰ পৰা পানীৰ চাপ আৰু তলৰপৰা বায়ুৰ মানে বতাহৰ হেঁচা পৰিল। গতিকে কাগজ এৰাই নগ'ল - সেই বাবে পানীও নপৰিল। বুজিলাহঁকনে?”
“জানো কি কৈছা!” ইনুৱে ক'লে। মামাই ক'লে-
–“কিয়? বতাহৰ যে হেঁচা থাকে সকলোৱে গম পোৱাই দেখোন। দেখা নাই? বতাহে অ'ৰ বস্তু ত’ত পেলায়?”
-“উদং গিলাচটোৰো তলিৰফালে থকা দ’কণত বতাহ সোমাব নোৱাৰা হ’ল, যেতিয়া তলমূৰকৈ দিলো উদং গিলাচৰ ভিতৰখন বায়ুৰে ভৰ্তি হৈ ওপৰলৈ হেঁচা দি থাকিল৷ সেইবাবে গিলাচ ওলমি থাকিল। বতাহ নোসোমোৱাকৈ এনে দ’ বস্তু এঠাইত লগাই থলে বাহিৰৰ বায়ুৰ হেঁচাত ৰৈ থাকিব৷ - তোমালোকে তাৰ প্ৰমাণ পাব পাৰা- আমি দেখি থকা জেঠীবোৰৰ পৰা। দেখিছানে চিলিঙত তললৈ পিঠি দি আৰামত ঘুৰি ফুৰে? – জেঠীৰ ভৰিৰ তলুৱাখন দ’ সেইবাবে বেৰত বা চিলিঙত খাপ খাই পৰে আৰু বাহিৰৰ বায়ুৰ হেঁচাত পিছল নোখোৱাকৈ ৰয়। মনত ৰাখিবা আমি চকুৰে নেদেখিব পাৰো কিন্তু বায়ু ভৰ্তি হৈ আমাৰ চাৰিওফালে থাকে। বায়ু আছে যেতিয়া চাপ বা হেঁচাও থাকিব। বুজিলানে?”
ডাঙৰ বিলাকে অলপ বুজি পালে। সৰু মখাই নুবুজিলেও খেলটোৰ হ’লে বেচ্ মজা ল'লে।
❖❖❖❖
জোনবাইৰ দেশ আৰু নীৰ
নীৰ এটা অকণমাণি ল’ৰা। ৩য় শ্ৰেণীত পঢ়ে মনটোৱে হ'লে বৰ ডাঙৰ ডাঙৰ কথা ভাবে।
তাৰ দেউতাকলৈ বৰ খঙ উঠিল। দেউতাকে তাৰ কথাটোলৈ কাণেই নিদিলে। মাকজনীলৈও তাৰ অভিমান হ’ল। মাকৰ বাকচতনো ইমান পইচা নোহোৱা হ'লনে?
নীৰৰ জোনবাইৰ দেশলৈ যোৱাৰ মন। সি বুজামতে কেইবছৰমানৰ পিছত মানুহ গৈ জোনত থাকিবই৷ এতিয়াৰ পৰা চেষ্টা চলি আছে। জোনবাইৰ পিছত মঙ্গল নামৰ গ্ৰহটোলৈও হেনো যাব। আকাশত ষ্টেচনৰ কাম আৰম্ভ হ'লেই।
গধুলি পঢ়া টেবুলত দুই হাতৰ তলুৱাত মুখখন থৈ থম্থমকৈ
বহি থকা নীৰক দেখি ককায়েক নিয়নে হাঁহিমাৰি সুধিলে-
-“কি হ’ল অ’ তোৰ? স্কুলত কিবা জগৰ লগোৱা নাইতো?
নীৰে একো নেমাতিলে।
নিয়ন পঢ়া টেবুলত বহিল। সি নৱম শ্ৰেণীৰ শেষ পৰীক্ষা দিব। পঢ়াশুনা বহুত। তাৰ ইলেকট্ৰনিক্স ইঞ্জিনীয়াৰিং পঢ়াৰ ইচ্ছা। গতিকে ভাল ৰিজাল্টৰ কাৰণে সময়ৰ পঢ়া সময়মতে কৰি যায়।
-‘দাদা’- [ ৩৫ ] চকীত বহীত পঢ়ি থকা ককায়েকৰ ডিঙিত পিছফালৰ পৰা সাৱটি
নীৰে মাতিলেহি। নিয়নে সুধিলে-
“কি হ’ল?”
-“তোমাৰ হাতত কিমান পইচা আছে?”
“কিয়?”
–“আমি দুয়োটাই পইচা গোটাই জোনবাইৰ দেশলৈ যাম দিয়া।”
-নিয়নে একেপাকে তাৰফালে ঘূৰি ক'লে-
-“আওহ্ল জোনবাইৰ দেশলৈ যাবলৈ ওলোৱা ল’ৰাটো চোৱা।”
[ ৩৬ ] -“হঠাতে যাবলৈ মন গ'ল কিয়?” হাঁহিটো লুকুৱাই নিয়নে
সুধিলে।
-“আজি দেউতা শইকীয়া খুড়া, বৰুৱা খুড়াহঁতে কথা পাতোতে
মই সব শুনি আছিলো।”
-কি শুনিলি?
“জোনবাইৰ দেশলৈ মানুহ যোৱাৰ কথা। এদিন বোলে মানুহ
গৈ তাত থাকিবই। কিন্তু ধেৰ পইচা লাগিব। টিকটৰ দাম বহুত।”
নিয়নৰ মনত পৰিল৷ ৰাতিপুৱাবেলা শইকীয়া খুড়াহঁত আহিছিল। আজি দেওবাৰ। দেওবাৰে এঘৰত আড্ডা এটা থাকেই। আজিও বহিছিল। কথাৰ প্ৰসঙ্গ মহাকাশ যাত্ৰালৈকে আগবাঢ়িছিল৷ ১৯৬১ চনৰ ১২ এপ্ৰিলত পোনপ্ৰথম মানুহে মহাকাশ ভ্ৰমণ কৰাৰ পৰা ২০০৩ চনৰ ১ ফ্ৰেব্ৰুৱাৰীত মহাকাশত ‘কলম্বিয়া’ ধ্বংস হোৱালৈকে। মহাকাশত ঘুৰি পৃথিৱীক পৰিভ্ৰমণ কৰা সুনীতা উইলিয়ামছৰ পৰা ২০২০ চনত চন্দ্ৰত মানুহ থকা কল্পনালৈকে। তাৰমানে বাৰান্দাত বহি ছবি আঁকি থকা ভায়েক নীৰে কথাবোৰ মনদি শুনিছিল?
-“কণমানি মহাশয়, আগেয়ে তোমাৰ পঢ়া কাম শেষ কৰা, মোকো পঢ়িবলৈ দিয়া।” নীৰৰ শকত কোমল গাল দুখনত লাহেকৈ টিপা এটা দি নিয়নে নিজৰ পঢ়াত মন দিলে।
নীৰ পঢ়া টেবুলত বহিল। কিন্তু পঢ়াত হ’লে মন নাছিল।
নীৰে মনটো গোমা কৰি থকা নিয়নে মন কৰি আছিল। নীৰ
নিয়নৰ লগত শোৱে। সেয়ে শোৱাৰ সময়ত কথাটো নিজে উলিয়ালে।
-“জোনবাই দেশলৈ যাবলৈ বৰ মন গৈছে নহয়? আঠুৱাখন
ঠিক কৰি নিয়নে সুধিলে। বিচনাত শুবলৈ ধৰা নীৰে ককায়েকলৈ চালে।[ ৩৭ ] –“সকলোতকৈ সুন্দৰ আমাৰ এই পৃথিৱীখন। ধুনীয়া পাহাৰ, নদ- নদী, সাগৰ, কুঁৱলিৰপৰা ওলাই অহা ৰঙা বেলি। তিনিচুকীয়া ককাহঁতৰ ঘৰলৈ যাওঁতে চাবলৈ যোৱা মাগুৰ বিলৰ বহুৰঙী ডাঙৰ ডাঙৰ ৰাজহাঁহবোৰ, ছৈদিয়া নাৱত উঠি আমি কম খেলিছিলোনে? এইবাৰ দেখোন চুইজাৰলেণ্ডত থকা মাজু মামা আহোঁতে কৈ গৈছে তোক লৈ যাবই। ‘কেৱলকাৰত’ তুলি আল্পচ পৰ্ব্বত দেখুৱাব। বৰফত খোজ কঢ়াব। ‘কগৱীল’ ৰেলগাড়ীত তুলি বৰফৰ বগা বগা নৈ দেখুৱাব...?”
কথাবোৰলৈ কাণষাৰ নিদিয়া নীৰলৈ চাই নিয়নে তাৰ গাৰুটো
পিঠিত লৈ আঁউজি বহি নীৰৰ চুলিত হাত বুলাই ক'লে-
–“কথাবোৰ ইমান সহজ নহয়-”
–কি সহজ নহয়’ নীৰে মুখতে ধৰিলে।
–‘যাম বুলিলেই যাব পাৰিনে?’
–‘কিয় নোৱাৰিম?’
–‘কেনেকৈ?’
–‘এৰোপ্লেনত!’
নিয়নৰ হাঁহি উঠিল। লুকুৱাই থলে। ক’লে-
–‘এৰোপ্লেনত যাব নোৱাৰি নহয়।’
–কিয়? নীৰ আচৰিত হ'ল।
–“জোনবাইটো দেখাত ওচৰত যেন লাগিলেও কিমান দূৰ
জাননে?”
–‘কিমান?’
–‘দুই লাখ চব্বিশ হাজাৰ নশ সত্তৰ দশমিক ন মাইল।'
–‘তাতে কি হ'ল?’
–“আমি থকাৰ পৰ দুশ মাইললৈকেহে বায়ু আছে। বায়ু আমি
জীয়াই থাকিবলৈ নহ'লেই নহয়। গতিকে এৰোপ্লেনবোৰো এটা [ ৩৮ ] জোখলৈকেহে যাব পাৰে।”
‘দেউতাহঁতে কোৱা মানুহবোৰ?’
-‘ৰকেট যানতহে যায়।'
–‘ভোৎ কৰে যে উৰি যায়?’ শুই থকা নীৰ উঠি বহিল।
‘। ওঁ। ৰকেট প্ৰথম চীন দেশত আৱিস্কাৰ হৈছিল। পিছে এই
ৰকেট যান সেইয়া নহয়। বহুত বেলেগ।'
-“কি বেলেগ নো??
-“মানুহ যোৱা ৰকেট যানত যোৱা নিয়ম আছে। ৰকেটৰ পৰা
নামিয়ে পোনে পোনে জোনবাইত নামিবগৈও নোৱাৰি। পৃথিৱীখন
এৰি যোৱাৰ লগে লগে মহাশূণ্য পাব। সেইয়া যে কিহ্ল মানুহৰ ওজন
এবাৰ বাঢ়ি যাব, এবাৰ আক’ কমি যাব। কত যে সাৱধান হ’ব লাগে।
যন্ত্ৰপাতি লগত থাকিব লাগে। উশাহ-নিশাহ ল’বলৈ বায়ু লৈ যাব
লাগে। পিন্ধা কাপোৰবোৰো বেলেগ বেলেগ। ঢেৰ সমস্যা।”
–‘তেনেহ'লে মানুহবোৰনো কিয় যায়?’
–‘এইটো তই বৰ ভাল কথা সুধিছ দেই-। আমাৰ নিচিনা
মানুহবিলাকৰ মাজতে কিছুমান মানুহ আছে. যাৰ মনত ভাল কথা
ভাল চিন্তাই ঠাহ্ খাই থাকে। তেনে মানুহবোৰে পঢ়িশুনি, গৱেষণা
কৰি, নানা শিক্ষা লৈ বহু কথা নিজে জানি বুজি লৈ আমাকো জনাব
পাৰিছে। তেওঁলোকেই গৱেষণা কৰি জোনলৈ যাব পৰা, তাত কি
আছে, আমাৰ এই আকাশখননো কি আদি অনেক কথা আৱিষ্কাৰ কৰিছে।
-‘মইও পঢ়িম, গৱেষণা কৰিম।' নীৰে ক’লে৷
“নিশ্চয়। চেষ্টা কৰিলে নোৱাৰিবি কিয়? দেউতাহঁতে যে কথা
পাতিছিল সুনীতা উইলিয়ামচ – তেৱো সৰুতে জোনত মানুহ নমা [ ৩৯ ] টি.ভি. ত দেখিয়ে এদিন মহাকাশলৈ ‘যামেই’ বুলি মনতে ঠিক কৰিছিল।
পিছত পঢ়িশুনি এদিন এই সৌৰজগত এৰি মহাকাশত থাকি
আহিলগৈ।”
–“কি সৌৰজগত দাদা?”
–“আমি পৃথিৱীৰ পৰা দেখি থকা জোন, বেলি, তৰা এইবোৰ
সৌৰজগত। এইবোৰৰ বাহিৰত থকা আকাশখনেই মহাকাশ। বৰ
আচৰিত।”
–‘হয় নেকি?’ নীৰে কথাবোৰ বুজিবলৈ চেষ্টা কৰিলে৷
“পৃথিৱীৰ ওচৰতে জোনটো। মানুহে ভাবিলে আমাৰ নিচিনাকৈ
তাতো মানুহ আছেনেকি? বচ্হ্ল কৰি দিলে পৰীক্ষা, গৱেষণা। নানা যন্ত্ৰ
আৱিস্কাৰ কৰিলে। স্পুটনিক-১ স্পুটনিক-২ ইত্যাদি। জাননে প্ৰথম
মহাকাশলৈ ‘লাইকা’ নামৰ কুকুৰ এটাও পঠিয়াইছিল। তাৰ গাত যন্ত্ৰপাতি
লগাই পৃথিৱীৰ পৰা তাৰ খবৰ লৈ আছিল। ১০০ ঘন্টা জীয়াইও আছিল।
-“স্পুটনিক কি দাদা?” নীৰৰ আগ্ৰহ বাঢ়ি গ'ল।
-“কৃত্ৰিম উপগ্ৰহ। মানুহে সজা। বৈজ্ঞানিক সকলে আৱিস্কাৰ
কৰিলে মহাকাশখনত এনে ঠাই আছে য'ত গৈ পালে তললৈ আহিবও
নোৱাৰি ওপৰলৈও যাব নোৱাৰি তেতিয়া পৃথিৱীৰ চাৰিওফালে ঘুৰি
থাকিব লাগিব। সেয়ে কৃত্ৰিম উপগ্ৰহ সাজি তাত যন্ত্ৰ ফিট কৰি পঠিয়াবলৈ
ল’লে, সেই যন্ত্ৰৰে ফটো ল'লে৷ পৃথিৱীত বহিয়ে আমি টি.ভি. চোৱাৰ
দৰে সকলো চাই থাকিল। এইদৰে চেষ্টা কৰি এদিন বৈজ্ঞানিক সকল
গৈ জোনবাইৰ দেশ পালেগৈ। পিছে তাত কি দেখিলেগৈ জান?
-‘কি?’
–“শিল ধূলি, ওপৰত জেকা তলত টান মাটি, একো নাই শূণ্য।
[ ৪০ ] চন্দ্ৰৰ প্ৰথম যাত্ৰী এ আমষ্ট্ৰং, যানখন চলাই যোৱা মাইকেল কলিনচ্ আৰু জোনলৈ নামিবলৈ লগা বেলেগ যান ‘ঈগল’ৰ চালক এডুইন ই এলড্ৰিনৰ নামকৈ নিয়নে জটিল নকৰিলে। দ্বিতীয়বাৰৰ যাত্ৰী চালচ্ কনৰাড্ ৰিচাদ গৰ্ডন আৰু এলেনবীনৰ কথাও নকলে। মাথো ক’লে-
–‘তেওঁলোকে তাত ফলক আঁৰিলে পতাকা আঁৰি থৈ আহিল। যন্ত্ৰপাতি থৈ আহিল যাতে পৃথিৱীৰ পৰাই সকলো গম পাব পাৰে। আজিলৈকে কত অহা যোৱা, অনুসন্ধান, কত বিপদৰ সন্মুখীন! কত শশ মানুহ যে ব্যস্ত হৈ নপৰিছে! - শেষৰ কথাখিনি নিয়নে নিজকে ক'লে।
নিয়নে নীৰলৈ চালে- তাৰ বুকুত শুই পৰা নীৰ তেতিয়া গভীৰ টোপনিত।
❖❖❖❖
বৰ্ত্তমান সাহিত্য জগতত শ্ৰীমতী নীলিমা বৰা এটি পৰিচিত নাম। একে ধাৰে ঔপন্যাসিক কবি, গল্পকাৰ তেওঁ এগৰাকী বিশিষ্ট শিশুসাহিত্যিকো। শিশুৰ মানসিক উকৰ্ষ, বৌদ্ধিক বিকাশ, নৈতিক চৰিত্ৰ গঠনৰ বাবে সৰহখিনি সময় তেখেতে শিশুসাহিত্য কৰ্মত মনোনিবেশ কৰি আহিছে। শ্ৰীমতী বৰাৰ প্ৰকাশিত ৪৭ খন গ্ৰন্থৰ ৩৪ খন শিশুগ্ৰন্থ। ৰাজ্যিক ভিত্তিত বিভিন্ন সাহিত্য বঁটাৰে পুৰস্কৃত ২১ খন গ্ৰন্থৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শ্ৰীমতী নীলিমা বৰাৰ ১৩ খন শিশুগ্ৰন্থ ‘শিশু সাহিত্য বঁটাৰে’ সন্মানিত৷ তেখেতৰ উত্তৰোত্তৰ মঙ্গল কামনা কৰিলো।
প্ৰকাশক।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।