তাক পৃথিৱীখনৰ কিতাপ আনি দিয়ে। মাকে কলেজত পঢ়ুৱায়। সেইবাবে সি মাকৰ পৰাও ঢেৰ কথা জানে বুলিয়ে সিহঁতে ভাবে।
“কি যাদু?” পাহি নামৰ কণমানিজনীয়ে বুটলি থকা বকুলৰ গুটি কেইটা ফ্ৰকটোত খামুচি লৈ দৌৰি আহিল৷
অহিৰে টুলখনৰ ওপৰত চিলভাৰৰ চৰিয়াটো থৈ টুটুক ক’লে-
-“যা, আমাৰ পাগঘৰৰ পৰা পানী এক ঝাৰ আনগৈ।” টুটু দৌৰ মাৰিলে।
-“চেনি খাই কোনে ভাল পাৱহঁক?” অহিৰে প্ৰশ্ন কৰিলে।
-“মই মই মই—৷” সিহঁতে ক'লে। পাহিয়েও ক’লে- ‘মই’।
-“মোৰ জিঞাৰাণীয়েও মিঠা বিচাৰি ফুৰে বুইছ?”
–কৈ কৈ অহিৰে তাৰ পেন্টৰ পকেটৰ পৰা সৰু টেমা এটা উলিয়ালে। তাৰ ‘বামুৰ্দা' নামৰ দীঘল হাফ পেন্টটোত পোন্ধৰটা মান পকেট।
-“কি? জিঞাঁৰাণী?” বুবুলে আচৰিত হৈ সুধিলে।
অহিৰে টেমাটো খুলিলে। তাত আছিল জুই শলা এডালত ঠৰঙা পাতল টিচু পেপাৰৰ সৰুকৈ কটা পাখি দুখনি আঠা লগাই সজা জিঞাঁজনী। খাৰৰ কলা টুপটোত মাকৰ সেন্দুৰেৰে চকুহেন কৰি দুটা ফুট।
অহিৰে ক'লে-
-“এইজনী মোৰ জিঞাঁজনী। তাই মিঠা খাই, বৰ ভাল পায়।” গির্জনি মাৰি গোটেইজাকে হাঁহি দিলে।