দুৱাৰৰ ভিতৰফালে থকা সিহঁত কেইটাৰ জীৱ উৰি গ'ল। অপু আৰু বিজু দুপ্ দুপাই ভিতৰ পালেগৈ। পাপু ওলাই আহিল।
“ককা, মই হলে আপোনাৰ লাখুটিডাল কটা নাই দেই।” সি ককাকৰ ওচৰত ৰ’লহি।
–‘কি?’ ককাকে বিচূৰ্ত্তি খালে৷ তাৰমানে খটাসুৰ কেইটাই মোৰ লাকুটিডাল কাটি ধ্বংস কৰিলে!
-“অপু,-বিজু।” ককাই চিঞৰিলে।
দুয়োটা আহি ককাৰ ওচৰত তলমূৰকৈ ৰ’লহি।
-“কোনটোৱে মোৰ লাখুটিডাল কাটিলি ক’-।”
চলবুজি অপুৱে ককাকৰ ডিঙিত সাৱটি ধৰিলেগৈ।
সি ক'লে-
“আপুনি ইমান বুঢ়া হোৱা নাই নহয়৷ কিয়নো লাখুটিডাল লৈ ফুৰিব লাগে?”
-“হেৰ’ মই বুঢ়া হৈছো বুলিনো কোনে কৈছে?”
-“তেন্তে লাখুটিডাল কেলেইনো?” সাহস পাই বিজুও ওচৰ চাপি আহিল৷
-“কেলেইনো মানে?” লাখুটি মানুহৰ কৌটি কালৰ সাৰথি। এসময়ত লাখুটিয়ে মানুহৰ জীয়াই থকা বাট আছিল।
–“কিনো কৈছা ককা? আপোনাৰ নিচিনাকৈ চব মানুহে লাখুটি লৈ নুফুৰে নহয়।” অপুৱে কলে৷
ককাই ক'লে-
-“মই কওঁ শুন। আমি মানুহবোৰ এতিয়াহে এনেকৈ আৰামত