নুশুনিলে। গৰমৰ বন্ধত সিহঁতৰ স্কুলৰ পৰা দিয়া বহুত কাম। গানৰ স্কুল, খেলা ধূলাতো আছেই।
মামাকৰ ঘৰ মাথো এমাইল মানহে দূৰত। অহা-যোৱাৰ বাটত সকলো চিনাকি মানুহ। সেয়ে ভয় কৰিবলগীয়া নাই। সোনকালে অহা ৰিকি ৰনীয়ে বাটত ৰৈ ৰৈ চিনাকি অচিনাকি ল’ৰা-ছোৱালীহঁতৰ লগত খেলি, কাজিয়া কৰি আহোঁতেই অত দেৰি হ’ল। ইফালে ৰুনীজনী গৰমত তথৈবচ!
মামাকে চোতালৰ একাষত ছাঁত স্কুটাৰখন চাফা কৰি আছিল পদুলিত সিহঁতক দেখি ওচৰ পালেহি৷
মামাকে দেখিলে তিনিওটা ঘামি জামি অৱস্থা নাইকীয়া হৈ পৰিছে। ৰুনীৰ সেন্দুৰীয়া মুখখনৰ পৰা যেন ফুটি তেজহে ওলাব। তাতে ক’লা ৰঙৰ চাটিনৰ ফ্ৰক।
-“আঁহা আহাহঁক। মাৰাই ফোন এটা কৰিব নোৱাৰিলেনে? মই লৈ আহিলোগৈ হেঁতেন।” কৈ কৈ মামাকে সিহঁতক নি চ’ৰা ঘৰত বহুৱালেগৈ। তেঁও দুয়োখন ফেন চলাই দিলে।
-“তুমি ক’লা ফ্ৰকটো কিয় পিন্ধিলা ৰুনীমা?”
-“কিয় মামা?” তাই সুধিলে।
-“ৰ’দত ক’লা ৰঙ নিপিন্ধে নহয়।”
-“ কিয়?” তাই আকৌ সুধিলে।
-“ৰ’দে ক’লা ৰঙ ভাল পায়, আৰু তাৰ ওচৰলৈ বেছিকৈ আহে। আহিলেতো বেছিকৈ গৰম লাগিবই।”
-“ইঃ তুমি কেনেকৈ জানিলা?” ৰনীয়ে বিশ্বাস নকৰিলে।
-“বাৰু মই পিছত বুজাই দিম,” মামা ভিতৰলৈ গ'ল।