পৃষ্ঠা:উৰহি গছৰ ওৰ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
ককাৰ লাখুটি

অপু আৰু পাপুৱে ডবৰা ডবৰি কৰি শেষত শুই পৰিছিল। মাকে পিছ বাবান্দাত থকা তাঁতশালত বহিছিল গৈ। বনকৰা ৰমাই ক'ৰবাত টোপনি মাৰিছিল। পিছে বিজুৰ ককাদেউতাকৰ চিঞৰত সি ধৰমকৈ উঠি- কথাটোনো কি মনে মনে উমান লৈ থাকিল। আনহতে বিজুহঁতো সাৰ পাই গ'ল। ইটোৱে সিটোৰ মুখলৈ চালে। আটাইতকৈ সৰু পাপুৱে ক’বলৈ মুখ মেলিছিলেই। অপুৱে তাৰ মুখত সোপা মাৰি ধৰিলে।

 যুদ্ধ যুদ্ধ খেলিবলৈ বিজু আৰু অপুৱে ককাৰ লাখুটিডাল মাজতে কাটি দুটুকুৰা কৰি লৈছিল। বুদ্ধিতো আঠ বছৰীয়া অপুৰ আছিল। বিজু তাতকৈ দুবছৰে ডাঙৰ হ'লেও অপুৰ বুদ্ধি বেছি চোকা।

 বেলি লহিয়ালেই ককা এপাক এনেয়ে ওলাই যোৱা অভ্যাস। বাটে বাটে গৈ গোটেই পথাৰখন পাক এটা দি ৰেল লাইনৰ পিনেও কিছুদূৰ যায়গৈ কেতিয়াবা। হাতত নিজে তৈয়াৰ কৰি লোৱা নিমজ, চিকচিকীয়া এডাল বাঁহৰ লাখুটি। বাঁহৰ গাঁঠিবোৰ এনেকৈ চুঁচি মাজি লোৱা গাঁঠি থকা বুলি ধৰিবই নোৱাৰি।

 অপুৰ মাকে চাৰিওফালে ঘুমুটিয়াই বিচাৰিলে যদিও নেপালে। তেওঁৰ নিজকে বৰ দোষী দোষী যেন লাগিল। লাখুটি নেপায় ককা ভোৰ্ ভোৰাই ওলাই গ'ল।

 গধুলি হ’ল। ককা উভটি আহি অপুৰ মাকে যতনাই থোৱা পানীৰে হাতমুখ ধুই বাৰান্দাত বহিলহি। অপুৰ মাকে তেওঁক চাহকাপ দিলেহি। ককাৰ খঙ তেতিয়ালৈ শাম কাটিছিল।

 চাহ খাই থাকোতে ককাই লক্ষ্য কৰিলে আজি দেখোন ইহঁত এটাও নাই। আনদিনা এটা এটাকৈ তিনিওটা আহি ওলায়হি। সিহঁতৰ কত কথা কত ওজৰ আপত্তি! তেওঁ মাতিলে-

 -“বোৱাৰী, ইহঁত ক’লৈ গ'ল?”