পৃষ্ঠা:উৰহি গছৰ ওৰ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
উৰহি গছৰ ওৰ

আৰু বিশাল ‘চেভেন’ত সৰু পুতেক অমৰ ‘ফৰ’ত। সৰু বায়েকৰ ছোৱালী ইবু আৰু ইনু ক্ৰমে ‘চিক্স’ আৰু ‘ফাইভ’ত। সৰু ল’ৰা মহা উৎপতীয়া সাতবছৰীয়া ইকু ‘প্ৰাইমাৰী’ তে।

 অমৃত খুড়াৰ দাদাকৰ ল’ৰা ঈষাণ আৰু কৃষান ‘চিক্সত’। সিহঁতৰ সৰু ভনী মামন।

 ঘৰৰ গোটেইবোৰ তিৰোতা মানুহ মন্দিৰলৈ গৈছে। গতিকে ল’ৰা- ছোৱালীহঁতক চোৱাৰ দায়িত্ব অমৃত খুড়াক দি গৈছে। সিহঁতৰ চিঞৰ- বাখৰ হাঁহি কান্দোনে অমৃত খুড়াক বিলৈ নাইকীয়া কৰিছে।

 গোটেই মখা বহল বাৰান্দাখনত কেম, লুডু খেলা, ছবি অঁকা আদিত মচগুল হৈ আছিল। পিছে খটাসুৰ বিকুৱে ছবি আঁকি থকা মামনৰ গোটেই সোপা ৰঙৰ পেন্সিল গোৰমাৰি ক'ৰবালৈ চিটিকাই পেলালে৷ তাতে মামনৰ ঢেঁটু ফলা চিঞঁৰ

 উপায় নেপায় অমৃত খুড়াই মামনক লৈ চ’ৰা ঘৰলৈ আহিল। মামনক চকী এখনত বহুৱাই ক'লে-

 -“আমি কোনেও নেখেলা খেল এটা খেলিম দেই।”

 খুড়া ভিতৰলৈ গ'ল। উচুপি উচুপি মামনে খুড়াকলৈ বাট চালে। ইফালে বিকুৱে দুৱাৰৰ আঁৰ লৈ ৰৈ থাকিল। মামাকেনো কি খেল দেখুৱাই সিও চাইহে এৰিব। .  মামাই হাতত এটা গিলাচ লৈ ওলাই আহিল। ক’লে-
 “মই ইমান ডাঙৰ খেল এটা দেখুৱাম ইবু বা, ঈষান দাদা কোনেও নেদেখা।”

 মামাই বাওঁহাতেৰে গিলাচটোলৈ সোঁহাতৰ তলুৱাত গিলাচৰ তলফালটো ভালকৈ কিছু সময় ধৰি থাকিল। তাৰপিছত ক’লে-

 -“চাবা চাবা দেই। - মই নধৰাকৈয়ে গিলাচটো ৰাখি থম।”