-“এই পদাৰ্থবোৰ বায়ুত থকা জলীয় বাষ্পৰ লগত বিক্ৰিয়া ঘটিলে গেছ উৎপন্ন হয়। ধৰি লোৱা ইথৰেল আৰু ইথিফনৰ পৰা ইথিলিন গেছ উৎপন্ন হয়। কেলচিয়াম কাৰ্বাইডে বায়ুৰ জলীয় বাষ্পৰ লগত বিক্ৰিয়া ঘটাই এছি-টাইলিন গেছ কৰে। ইয়াৰ দ্বাৰাইও ফল পকায়।”
-“জানো বোপাই-!” মাক গ্ৰেজুৱেট যদিও কলা বিভাগৰ ছাত্ৰী আছিল। বিজ্ঞানৰ এই কথাবোৰৰ বৰকৈ ভূ নেপায়। দেউতাকে সহজভাবে ক'লে-
-“ধৰি লোৱা কেঁচা কলবোৰেই। কোঠালি এটাত পেলায় থয়। তাৰ মাজে মাজে খোলা পাত্ৰ কিছুমানত কেলচিয়াম কাবাইডৰ সৰু সৰু টুকুৰাবোৰ থৈ দিব। সেইবোৰত যেতিয়া বতাহ লাগিব এছিটাইলিন গেছ লৈ ৰূপান্তৰিত হৈ ফলবোৰ আৱৰি ধৰিব। আৰু ২৪ ঘন্টাতে কল পকি উঠিব।”
-“এই এছিটাইলিন গেছ মানুহৰ বাবে বৰ হানিকৰ।
ইয়াত আৰ্চেনিক ফফৰাচ আদি বিষাক্ত গেছ জড়িত হৈ থাকে।”-
ৰূপমে ক'লে।
দেউতাকে শলাগিলে-
-“এৰা। ভাৰতৰ স্বাস্থ্য আৰু ঔষধ নিয়ন্ত্ৰক প্ৰশাসনে এই বিধ গেছ ব্যৱহাৰ কৰিবলৈ নিষিদ্ধও কৰিছে। পিছে মানুহে টকাৰ লোভত কিমানবা মানিছে?”
-মাকে ইচ্ ইচালে-
-“সেয়েহে আজিকালি দূৰাৰোগ্যও বাঢ়ি গৈছে।”