পৃষ্ঠা:উৰহি গছৰ ওৰ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
জোনবাইৰ দেশ আৰু নীৰ

 চকীত বহীত পঢ়ি থকা ককায়েকৰ ডিঙিত পিছফালৰ পৰা সাৱটি নীৰে মাতিলেহি। নিয়নে সুধিলে-
 “কি হ’ল?”
 -“তোমাৰ হাতত কিমান পইচা আছে?”
 “কিয়?”
 –“আমি দুয়োটাই পইচা গোটাই জোনবাইৰ দেশলৈ যাম দিয়া।”
 -নিয়নে একেপাকে তাৰফালে ঘূৰি ক'লে-
 -“আওহ্ল জোনবাইৰ দেশলৈ যাবলৈ ওলোৱা ল’ৰাটো চোৱা।”

 -“অঁ যামেই।”