পৃষ্ঠা:উৰহি গছৰ ওৰ.pdf/৪১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
জোনবাইৰ দেশ আৰু নীৰ

 চন্দ্ৰৰ প্ৰথম যাত্ৰী এ আমষ্ট্ৰং, যানখন চলাই যোৱা মাইকেল কলিনচ্ আৰু জোনলৈ নামিবলৈ লগা বেলেগ যান ‘ঈগল’ৰ চালক এডুইন ই এলড্ৰিনৰ নামকৈ নিয়নে জটিল নকৰিলে। দ্বিতীয়বাৰৰ যাত্ৰী চালচ্ কনৰাড্ ৰিচাদ গৰ্ডন আৰু এলেনবীনৰ কথাও নকলে। মাথো ক’লে-

 –‘তেওঁলোকে তাত ফলক আঁৰিলে পতাকা আঁৰি থৈ আহিল। যন্ত্ৰপাতি থৈ আহিল যাতে পৃথিৱীৰ পৰাই সকলো গম পাব পাৰে। আজিলৈকে কত অহা যোৱা, অনুসন্ধান, কত বিপদৰ সন্মুখীন! কত শশ মানুহ যে ব্যস্ত হৈ নপৰিছে! - শেষৰ কথাখিনি নিয়নে নিজকে ক'লে।

 নিয়নে নীৰলৈ চালে- তাৰ বুকুত শুই পৰা নীৰ তেতিয়া গভীৰ টোপনিত।


❖❖❖❖