পৃষ্ঠা:উৰহি গছৰ ওৰ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
ৰ’দে ৰং ভাল পায়

 অলপ পিছতে জুনুমাহী উধাতু খাই ওলাই আহিল।

 -“ইচ্ ইচ! দুপৰীয়াখন ক’ৰপৰা ওলালিহঁক বাৰু?”

 জুনুমাহীয়ে সিহঁতক চাৰ্টবোৰ খুলিবলৈ কৈ সিহঁতে অনা বেগ দুটা ভিতৰলৈ লৈ গ'ল। যাওঁতে ৰুনীকো লৈ গ'ল। অলপ পিছতে আইতাকো ওলালহি। নিজৰ চাদৰৰ আচলেৰে সিহঁতৰ হাতমুখ মুচি দিলে। দুপৰীয়াখন এনেদৰে অহাত ৰিকিহঁতৰ মাককে দোষ দিলে।

 জুনুমাহীয়ে নেমুৰ চৰবৎ লৈ আহিল। চৰবৎ খাই উঠি আটাইকেইটাকে গা-ধুবলৈ ক'লে। ইতিমধ্যে ৰুনীক হাতমুখ ধুৱাই দিছেই। ৰুনীয়ে আইতাকক দেখি সাৱটি ধৰিলেগৈ।

 -“আইজনী, তুমিও আহিছা?” চুমা দুটামান খাই আইতাকে ক'লে। ৰিকিহঁতে গা-পা ধুই ল’লে। মামীয়েকে দিয়া জলপান খাই বাৰান্দাত থকা ঝুলনাখনত উঠিবলৈ দুয়োটা দৌৰি আহিল। দুয়োটাৰে হুলস্থুল দেখি ৰুনীক লৈ ওলাই অহা জুনুমাহীয়ে ক’লে- “কাজিয়া নকৰিবাহঁক, পিছে প্ৰথমে আমাৰ ৰুনীহে উঠিব দেই।”

 সিহঁতে আইতাকৰ ঘৰখন বৰ ভালপায়। যি ইচ্ছা তাকে কৰিব পাৰে। ধমক্‌ দিওঁতা কোনো নাই। জুনুমাহী, আইতাকে সিহঁতক টোপকে পৰিবলৈ নিদিয়ে।

 মামাক দেখি ৰনী চিঞৰি উঠিল-

 -“মামা, মামা ৰ’দৰ কথাটো কোৱাছোন।”

 “অঁ অঁ মামা কোৱানা” ৰিকি ৰনীও মামাকক ধৰিলে৷

 -“তেন্তে ৰ’বা বাৰু৷” তেওঁ ভিতৰ পালেগৈ। ক্ষন্তেক পিছত কাঁহি এখনত বৰফৰ ডাঙৰ টুকুৰা এটা আৰু ৰঙ বিৰঙৰ কাপোৰৰ সৰু টুকুৰা দুটামান লৈ ওলাই আহিল।

 সিহঁত ওচৰ চাপি আহিল। মামাই কোৱামতে জুনুমাহীয়ে ইস্ত্ৰিটো