পৃষ্ঠা:উৰহি গছৰ ওৰ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
জোনবাইৰ দেশ আৰু নীৰ

টি.ভি. ত দেখিয়ে এদিন মহাকাশলৈ ‘যামেই’ বুলি মনতে ঠিক কৰিছিল। পিছত পঢ়িশুনি এদিন এই সৌৰজগত এৰি মহাকাশত থাকি আহিলগৈ।”

 –“কি সৌৰজগত দাদা?”
 –“আমি পৃথিৱীৰ পৰা দেখি থকা জোন, বেলি, তৰা এইবোৰ সৌৰজগত। এইবোৰৰ বাহিৰত থকা আকাশখনেই মহাকাশ। বৰ আচৰিত।”

 –‘হয় নেকি?’ নীৰে কথাবোৰ বুজিবলৈ চেষ্টা কৰিলে৷
 “পৃথিৱীৰ ওচৰতে জোনটো। মানুহে ভাবিলে আমাৰ নিচিনাকৈ তাতো মানুহ আছেনেকি? বচ্‌হ্ল কৰি দিলে পৰীক্ষা, গৱেষণা। নানা যন্ত্ৰ আৱিস্কাৰ কৰিলে। স্পুটনিক-১ স্পুটনিক-২ ইত্যাদি। জাননে প্ৰথম মহাকাশলৈ ‘লাইকা’ নামৰ কুকুৰ এটাও পঠিয়াইছিল। তাৰ গাত যন্ত্ৰপাতি লগাই পৃথিৱীৰ পৰা তাৰ খবৰ লৈ আছিল। ১০০ ঘন্টা জীয়াইও আছিল।
 -“স্পুটনিক কি দাদা?” নীৰৰ আগ্ৰহ বাঢ়ি গ'ল।

 -“কৃত্ৰিম উপগ্ৰহ। মানুহে সজা। বৈজ্ঞানিক সকলে আৱিস্কাৰ কৰিলে মহাকাশখনত এনে ঠাই আছে য'ত গৈ পালে তললৈ আহিবও নোৱাৰি ওপৰলৈও যাব নোৱাৰি তেতিয়া পৃথিৱীৰ চাৰিওফালে ঘুৰি থাকিব লাগিব। সেয়ে কৃত্ৰিম উপগ্ৰহ সাজি তাত যন্ত্ৰ ফিট কৰি পঠিয়াবলৈ ল’লে, সেই যন্ত্ৰৰে ফটো ল'লে৷ পৃথিৱীত বহিয়ে আমি টি.ভি. চোৱাৰ দৰে সকলো চাই থাকিল। এইদৰে চেষ্টা কৰি এদিন বৈজ্ঞানিক সকল গৈ জোনবাইৰ দেশ পালেগৈ। পিছে তাত কি দেখিলেগৈ জান?
 -‘কি?’
 –“শিল ধূলি, ওপৰত জেকা তলত টান মাটি, একো নাই শূণ্য।

নাই আমাৰ দৰে পানী, আমাৰ সেউজীয়া গছ-গছনি ৰঙ-বিৰঙৰ ফুল।”