ৰাতিপুৱা শোৱাৰ পৰা উঠি চায়হি – যে তাৰে চাৰিটা বেলুন নাই।
দুটাহে আছে। সি ভাবিলে নয়নে নিনিলে কোনে নিব? উৰিব পৰা
বেলুন কেইটাৰে কিবা এটা কৰিবলৈ তাৰ ইচ্ছা আছিল। নতুন নতুন
বস্তু সজা তাৰ এটা চখ।
সিহঁতৰ কোৰ্হাল শুনি দেউতাকৰ খং উঠিল। তেওঁ বাহিৰলৈ ওলাই আহিল। পিছে দেউতাকক দেখি গোচৰ তৰিবলৈ দুয়োটাই লৰি আহিল। দেউতাকে বুজালে খেল-ধেমালি ৰং মনেৰেহে কৰে, কাজিয়া পেচালেৰে নহয়। তেওঁ ইমনৰ কথা জানে। ল’ৰাটো কিবা এটা কৰাৰ ইচ্ছাতে থাকে। তেওঁ তাক উৎসাহো দিয়ে। নয়নহঁতে তৰ্কাতৰ্কি কৰি থাকোতেই ওপৰলৈ চাই হাঁহি হাঁহি ভনীয়েক কণমানি মুন দৌৰি আহিল। লগে লগে বিধুকাই।
–“সৌৱা সৌৱা চোৱা চোৱা – মোৰ কইনাজনী জোনবাইৰ দেশলৈ গৈছে –”। – মুনে চিঞৰিলে।
সকলোৱে ওপৰলৈ চালে।
ইমনৰ হেৰোৱা চাৰিটা বেলুন। একগোটকৈ বান্ধি থোৱা আছে। সেই বেলুনৰ সূতাত ওলমি আছে এখন মৰাঠাৰিৰ পালেং। তাতে বহি গৈছে চিফনৰ আঁচল উৰুৱাই মুনুৰ কইনাজনী। এধাৰি শেৱালি ফুলৰ মালাও উলমি আছে।
ইমন বাৰুকৈয়ে আচৰিত হ’ল। তাতকৈ আগতেই মুনে নতুন খেল দেখুৱালে। বিধুকাইয়ে ক’লে, বুদ্ধিতো মুনুৰে, তেওঁ মাথো সহায়হে