পৃষ্ঠা:উৰহি গছৰ ওৰ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
আকাশী বেলুন

পাতল বেলুনত গুচি যাব পাৰে। পিছে এটা কথা দেই - ইয়াত বতাহৰ ওপৰতে নিৰ্ভৰ কৰি উৰি যাব লগা হয়। মানুহে একো কৰিব পৰা নাছিল। এই অসুবিধা দূৰ কৰিবলৈ বহুকেইজনে গৱেষণা চলালে। তাৰপিছত বহু বছৰৰ পিছত মানে ১৮৫২ চনত এজন হেনৰী গিফাৰ্ড নামৰ ইঞ্জিনিয়াৰে পোন প্ৰথম বেলুনত ভাপকল আৰু ‘প্ৰেপেলাৰ’ নামৰ এবিধ পাখি থকা চকৰি ব্যৱহাৰ কৰি চালে। ফলত তেতিয়া ইচ্ছা অনুসৰি যেনি তেনি যাব পৰা হ’ল। এনেকুৱা বেলুনবোৰক ‘ডিৰিজিৱল’ বোলা হৈছিল।”

 -“তাৰমানে জনহঁতে বেলুন উলিওৱাৰ পিছত আনেও উলিয়াবলৈ ধৰিলে?” নয়নৰ কথাত দেউতাকে ক’লে- “এৰা আক’-। দিনে দিনে, আৰু উন্নত ধৰণৰ হ’ল। তাৰ পিছত লাহে লাহে আমি আজি দেখা উৰা জাহাজৰ সৃষ্টি হ’লগৈ।

 নয়নহঁতক মাকে ভিতৰৰ পৰা চাহ খাবলৈ ৰিঙিয়ালে। ভজা লুচিৰ গোন্ধ সিহঁতৰ নাকত লাগিছিলেই।

 সিহঁতক চাহ খাবলৈ যাবলৈ কৈ দেউতাকে হাত মুখ ধুবলৈ গ’ল।

◇◇◇◇◇◇◇◇◇◇