দেউতাক দুয়ো আছে। হাজিৰা লগাই এনেয়ে পৰি থকা বাৰীখন চাফা কৰাইছে।
হাতমুখ ধুই ৰূপম মাকহঁতৰ ওচৰ পালেগৈ। ৰূপমক দেখি মাক লৰালৰিকৈ পাগঘৰ পালেহি। তাক খাবলৈ কোৱাৰ লগতে দেউতাককো চাহ কাপ খাবলৈ মাতি আহিল।
-“বাৰীখন চাফা কৰাই ভালেই কৰিছা দেউতা” টেবুলত খাবলৈ বহি ৰূপমে ক’লৈ৷
-“এৰা। এনেয়ে মাটিখিনি পৰি থকাতকৈ কামত লগাব লাগে।” দেউতাকৰ কথাশুনি সি টপৰ্কৰে ক'লে-
-“দেউতা এখন ফলমূলৰ বাৰী নবনোৱা কিয়?”
“ফলমূল?”
“অঁ- মধুৰিআম, কল, টিলিকিআম, তিয়হ- ইফালে বেঙেনা, শাক- পাচলিৰ দিনত শাক-পাচলি।”
-“বাৰু তোৰ এইবোৰত মূৰ নষ্ট কৰিব নেলাগে।”
দেউতাকৰ নিৰস কথাত ৰূপম গোমোঠা মাৰি ৰ'ল।
তাকে দেখি হাঁহি মাৰি মাকে ক'লে-
“দেউতাৰে তাত ভাৰাঘৰ সাজিব অ’।”
-“ভাৰাঘৰ আছেই দেখোন। ঘৰৰে ভেজাল নথকা কিবা এটা খোৱা যে কিমান ভাল।
“বাৰীৰে ইটো সিটো খাবলৈ পালে কাৰনো ভাল নেলাগে? - -পিছে প্ৰতিপালন কৰিবলৈ সময় কাৰ?” দেউতাকলৈ চাহ কাপ আগবঢ়াই মাকে ক’লে৷ চাহ একাপ তেওঁ নিজেও লৈ বহিল।
ৰূপম বিজ্ঞানৰ ছাত্ৰ। স্কুলত শিক্ষকে গেছৰ সহায়ত পকোৱা ফল, পাচলি আদি কিমান হানিকৰ সুন্দৰকৈ বুজায় কয়। আনহাতে