সিহঁতে এদিন হঠাৎ গম পালে যে শিলে শিলে খুন্দিয়ালে জুই
ওলায়। জুই উলিয়াই বস্তুবোৰ পুৰি খাবলৈ ল'লে। সিহঁতৰ বৰ কষ্ট
হৈছিল। বনৰীয়া জন্তুৱে কেতিয়াবা মাৰিও পেলাইছিল। সেইবাবে
সিহঁতে সদায় হাতত একোডাল একোডাল টাঙোন বনাই লৈ থাকিবলৈ
ধৰিলে৷ সেইবোৰ চোকা ধাৰ থকা শিলেৰে কাটি সুবিধা কৰি লৈছিল।
কৰবালৈ গলে হাতত লৈ যোৱাত তাত ভৰ দি খাল ডোং পাৰ হ’বলৈ,
সাপ, বেং কোবাই মাৰিবলৈ, জন্তু জানোৱাৰ খেদিবলৈ বা বধিবলৈ
বৰ সহায় হ’ল। পৰিশ্ৰম কৰাৰ ফলত সিহঁত বলবান হ’বলৈ ধৰিলে৷
এইদৰে সিহঁতৰ লাহে লাহে শৰীৰ পোন আৰু মজবুত হ’ল। বুদ্ধিও বাঢ়িল। কিন্তু হাতৰ টাঙোন নেৰিলে। মানুহ সভ্য হৈ আজিৰ নিচিনা হ’ল। টাঙোনবোৰো সুন্দৰ কৰি লাখুটি কৰি ল'লে। আমাৰ দেউতা ককাদেউতাৰ হঁতৰ দিনত হাতত ধুনীয়া লাখুটি থকাজনক বৰ মান থকা মানুহ বুলি ধৰিছিল বুইছ। আজিও কতই ষ্টীলৰ টুপ লগোৱা ৰূপৰ টুপ লগোৱা লাখুটি বনায় লয়।”
-“মই হ’লে আমাৰ স্কুলৰ কেৰানীজনক প্লাষ্টিকৰ লাখুটি লোৱা দেখিছো দেই।” বিজুৱে ক'লে।
–“কিয় হিন্দী চাৰেও লয় নহয়।” অপুৱে লগে লগে ক’লে
-“এৰা লাখুটিডাল মানুহৰ বৰ দৰ্কাৰী বস্তু অ’। পিছে গাড়ীয়ে স্কুটাৰে ফুৰাবোৰৰ কথা বেলেগ।” ককাই ক'লে
লাখুটিৰ বৰ্ণনা শুনি পকীতে বহি থকা ৰমাই ক'লে-
বাইদেউৱে কৈছে- দাদাক কৈ আপোনাক ষ্ট্ৰীলৰ ধুনীয়া লাখুটি এডাল আনি দিব হেনো দেউতা।”
-“বাৰু হ’বদে।”
বিজুহতঁক পঢ়া টেবুললৈ যাবলৈ কৈ ককা বাতৰি চাবলৈ টি.ভি.ৰ ওচৰলৈ গ'ল।
❖❖❖❖❖