-“হঠাতে যাবলৈ মন গ'ল কিয়?” হাঁহিটো লুকুৱাই নিয়নে
সুধিলে।
-“আজি দেউতা শইকীয়া খুড়া, বৰুৱা খুড়াহঁতে কথা পাতোতে
মই সব শুনি আছিলো।”
-কি শুনিলি?
“জোনবাইৰ দেশলৈ মানুহ যোৱাৰ কথা। এদিন বোলে মানুহ
গৈ তাত থাকিবই। কিন্তু ধেৰ পইচা লাগিব। টিকটৰ দাম বহুত।”
নিয়নৰ মনত পৰিল৷ ৰাতিপুৱাবেলা শইকীয়া খুড়াহঁত আহিছিল। আজি দেওবাৰ। দেওবাৰে এঘৰত আড্ডা এটা থাকেই। আজিও বহিছিল। কথাৰ প্ৰসঙ্গ মহাকাশ যাত্ৰালৈকে আগবাঢ়িছিল৷ ১৯৬১ চনৰ ১২ এপ্ৰিলত পোনপ্ৰথম মানুহে মহাকাশ ভ্ৰমণ কৰাৰ পৰা ২০০৩ চনৰ ১ ফ্ৰেব্ৰুৱাৰীত মহাকাশত ‘কলম্বিয়া’ ধ্বংস হোৱালৈকে। মহাকাশত ঘুৰি পৃথিৱীক পৰিভ্ৰমণ কৰা সুনীতা উইলিয়ামছৰ পৰা ২০২০ চনত চন্দ্ৰত মানুহ থকা কল্পনালৈকে। তাৰমানে বাৰান্দাত বহি ছবি আঁকি থকা ভায়েক নীৰে কথাবোৰ মনদি শুনিছিল?
-“কণমানি মহাশয়, আগেয়ে তোমাৰ পঢ়া কাম শেষ কৰা, মোকো পঢ়িবলৈ দিয়া।” নীৰৰ শকত কোমল গাল দুখনত লাহেকৈ টিপা এটা দি নিয়নে নিজৰ পঢ়াত মন দিলে।
নীৰ পঢ়া টেবুলত বহিল। কিন্তু পঢ়াত হ’লে মন নাছিল।
নীৰে মনটো গোমা কৰি থকা নিয়নে মন কৰি আছিল। নীৰ
নিয়নৰ লগত শোৱে। সেয়ে শোৱাৰ সময়ত কথাটো নিজে উলিয়ালে।
-“জোনবাই দেশলৈ যাবলৈ বৰ মন গৈছে নহয়? আঠুৱাখন
ঠিক কৰি নিয়নে সুধিলে। বিচনাত শুবলৈ ধৰা নীৰে ককায়েকলৈ চালে।