পৃষ্ঠা:উৰহি গছৰ ওৰ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
ৰ'দে ৰং ভাল পায়

গৰম কৰি আনিলে। গৰম ইস্ত্ৰিত জুনুমাহীৰ চাদৰৰ আঁচলটো গৰম কৰি বৰফ টুকুৰাৰ এটা ফাল সমান কৰি ল'লে। তাৰ পিছত বৰফৰ চপৰাটোৰ ওপৰত ৰঙবিৰঙৰ কাপোৰ কেইখন পাৰি দিলে। বৰফ থকা কাঁহিখনত চোতালৰ ৰ’দত থৈ ক'লে-

 -“চাই থাকিবাহঁক দেই-।”

 গোটেই মখাই কাঁহিখনলৈ থৰ হৈ চাই থাকিল।

 কিছু সময়ৰ পিছত মামাই কাঁহিখন ৰ'দৰ পৰা আনি বাৰান্দাৰ টেবুলত থলেহি। মামাই কাপোৰ কেইটুকুৰা আঁতৰাই দিলত দেখা গল সৰু সৰু গাঁত।

 -“দেখিছা?” মামাকে ক'লে৷

 –“ইঃ কিনো কথাটো হ'ল। ৰ'দৰ তাপত বৰফ গলি গাঁত হৈ গৈছে আৰু।” ৰনীয়ে টপৰ্‌ কৰে মাত দিলে।

 -“ঠিকেই। পিছে আটাতকৈ দ গাঁত কোনটো?” মামাৰ প্ৰশ্ন শুনি আটাইকেইটাই ভালকৈ নিৰীক্ষণ কৰিবলৈ ধৰিলে।

 -“এইটো, এইটো।” ৰিকিয়ে দেখুৱালে।

 -“তাত কি ৰঙৰ কাপোৰৰ টুকুৰাৰ আছিল জানানে?”

 -“ক’লা নেকি!” জুনুমাহীয়ে ক'লে।

 -“আৰু কম গাঁত কোনটো?” মামাই সুধিলে।

 -“এইটো!” বনীয়ে আঙুলিয়ালে।

 -“এতিয়া বুজিলানে? নানা ৰঙে ৰ'দৰ তাপ নানা মাত্ৰাত শুহি। লয়। ডাঠ বা ক'লা ৰঙে অধিক ভাবে ৰ’দৰ তাপ শুহি লয়। পাতল বা বগাই তেনেই কম।”

 -“আৰু সেই বাবেই গৰমৰ দিনত আমি সদায় পাতল ৰঙৰ কাপোৰ পিন্ধিব লাগে।” মামাৰ কথা জুনুমাহীয়ে পুৰা কৰিলে।

 -“সেই কাৰণে মায়ে মোক ক'লা ৰঙৰ ফ্ৰকটো পিন্ধিবলৈ দিয়া