পৃষ্ঠা:উৰহি গছৰ ওৰ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
সাধু কথা

প্ৰাকৃতিকভাবে পকা ফলৰ উপকাৰেই বেলেগ। গছৰ ফল পকাত সহায় কৰে বায়ুত থকা ‘ইথিলিন’ নামৰ এবিধ গেছীয় হৰমনে। ই বায়ুত অতি কম পৰিমানে থাকে। এই হৰমনৰ প্ৰভাৱত ফল পকোৱা ‘এনযাইম’বোৰ তত্পৰ হৈ উঠে। এই ‘এনযাইম’বোৰে ফলবোৰৰ ভিতৰত থকা ‘পলি ছেকাৰাইড’ নামৰ যৌগক শৰ্কৰালৈও গঠিত কৰে - যি ফলৰ মিঠা স্বাদ। সেয়ে বায়ুত জোখত থকা ইথিলিন বৰ উপকাৰী।

 ৰূপমে মুখ ফুটাই ক’লে-“জানানে মা গছৰ ফল পকাবলৈ বায়ুত থকা ‘ইথিলিন’ গেছ দৰ্কাৰী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ নিয়ন্ত্ৰকে ‘ইথিলিন’ নিৰাপদ বুলি ঘোষনা কৰি ইথিলিন গেছ কম পৰিমানে দিলে ফলৰ গুণাগুণ নষ্ট নহয় বুলি ব্যৱসায়ীক অনুমতি দিছে। কিন্তু ব্যৱসায়ীয়ে মানে ক’ত? জোখতকৈ বেছি ব্যৱহাৰ কৰি অতি সোনকালে ফল পকাবলৈ গৈ মানুহৰ অনিষ্ট কৰি আছে।”

 “ব্যৱসায়ী, ব্যৱসায়ীয়েই। টকাৰ মুনাফাৰ বাহিৰে অন্য ভাল বেয়াৰ চিন্তা নাই।” মাকে আক্ষেপেৰে ক'লে।

 -“অকল গেছয়েনে? বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰো দুষ্ট ব্যৱসায়ীহঁতেব্যৱহাৰ কৰি আহিছে।” দেউতাকৰ কথাশুনি মাকে ক'লে-

 -“গেছ দি ফল পকায় বুলি শুনিছো কিন্তু ৰাসায়নিক পদাৰ্থ?”

 ৰূপমে কলে-

 “সঁচা মা। কেলচিয়াম কাৰ্বাইড, ইথৰেল, ইথিফন, বিথাইলিন আদি ৰাসায়নিক পদাৰ্থ ব্যৱসায়ী বিলাকে ব্যৱহাৰ কৰে।”

 -“এইবোৰ খায়ে আমি আছো নহয়। কিন্তু এইবোৰ ব্যৱহাৰ হয় কেনেকৈ অ’?” মাকৰ কথাশুনি ৰূপমে ফঁহিয়াই ক’লে; যিদৰে শ্ৰেণীত

কথাবোৰ শিক্ষকে বুজাই কৈছিল-