পৃষ্ঠা:উৰহি গছৰ ওৰ.pdf/১৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যাদু


 -“যাদু, যাদু, যাদু”- অহিৰৰ চিঞৰত বাটত মাৰ্বল খেলি থকা অমৰ, বুবুলহঁতে উভটি চালে।

 ইতিমধ্যে অহিৰে এহাতে টুল এখন আনহাতে চৰিয়া এটা লৈ চোতালৰ মূৰ পালেহিয়েই।

 অমৰ, বুবুল, অমৃত, টুটু, মইনা গোটেইবোৰ লৰি আহিল। সিহঁতে ভালদৰে জানে অহিৰ এলাপেচা ল’ৰা নহয়। তাৰ মূৰত আনে নজনা কথা কিছুমান ঠাহ খাই থাকে। সি জানো কম কিতাপ পঢ়ে! মাকে