-“দেখুৱাই দিম ৰ,-” অহিৰে টুটুৱে অনা পানী ঝাৰ সাৱধানেৰে চৰিয়াটোত ঢালিলে। ক্ষন্তেক ৰৈ স্থিৰ হৈ পৰা পানী চৰিয়ালৈ চাই ক'লে-
-“আঁতৰি থাকহঁক। চৰিয়াটো নুচুবি।”
আটাইকেইটা গোল হৈ চৰিয়াটো নুছুৱাকৈ চাই থাকিল। মাইনা, পাহি, ৰুবী আৰু মিমি আগত থাকিল৷
অহিৰে পকেট এটাৰ পৰা এটুকুৰা সৰু কাপোৰ উলিয়ালে। লগতে চেনি ভৰোৱা বটল এটা আৰু সূতা এডাল, সি কাপোৰ টুকুৰাত চেনি অলপ ঢালি সৰু টোপোলা এটা কৰিলে৷ টোপোলাটোত সূতাডাল বান্ধি ওলোমাই ল'লে৷
অহিৰে জিঞাঁৰাণীক পানীৰ সোঁ মাজত থলে। থৰ হৈ জিঞাঁৰাণী ৰৈ থাকিল৷
–“দেখিছনে কেনেকৈ গপছত ৰৈ আছে। এতিয়া চাবি। অহিৰে লাহেকৈ চেনিৰ টোপোলাটো চৰিয়াৰ পানীখিনিৰ একাষত আধা সুমুৱাই দিলে।
ক্ষন্তেক পৰ হ’ল।
তাৰপিছত দেখা গ'ল ধীৰে ধীৰে জিঞাঁৰাণী চেনিৰ টোপোলাটোৰ ফালে আগবাঢ়িছে।
-“হয় ভাই, হয় ভাই।” সিহঁতে চিঞৰিলে।
এটা সময়ত জিঞাঁজনী আহি টোপোলাটোত মুখ থলেহি। অহিৰেও যাদু সামৰিলে। লগে লগে জিঞাঁৰাণীক তুলি আনি চুমা এটা খাই টেমাত ভৰালে। যেন দুয়োৰে জনা বুজাহে আছে।