-“অৱশ্যে বিজ্ঞানীসকলে ফল পকোৱাৰ সৎ উপায়ৰ না না চিন্তা চৰ্চ্চা কৰি আছে। সফলো নোহোৱা নহয়।”
দেউতাকৰ কথা শুনি মাকে ক'লে-
-“হ’লেও একেই কথা। গছত পকা সমান কি হ’ব?”
পৃথিৱীখন তেনেকৈয়ে চলিবলৈ লৈছে।” দেউতাকে ক'লে।
“তাহানিতে মাহঁতৰ মুখত শুনিছিলো – গাঁওবোৰৰ হাবিয়ে
বননিয়ে, মানুহৰ ঘৰে ঘৰে আম, কঠালৰ, লেটেকু পনিয়লৰ গছ। খাই
অন্ত কৰিব নোৱাৰি। পুখুৰী-খাল, ভূঁই ৰোৱা পথাৰত পাচিয়ে পাচিয়ে
মাছ।”
মাকৰ কথাশুনি দেউতাকে ক'লে-
-“বুইছা সেই ৰামো নাই, অযোধ্যাও নাই। আজিকালি গাঁৱৰ
মাটি চন পৰি থাকে। চহৰত হোটেল দিবলৈ আহে ল’ৰাহঁত; নাঙল
ধৰিবলৈ লাজ পায়। খেতি এৰি চাকৰিমুখী হ’ল।”
-“ঠিকেই কৈছে। আচলতে লিখা পঢ়া শিকি উন্নত ধৰণেৰে খেতি বাতি কৰি নিজে ব্যৱসায় চলালে, মানুহৰো মঙ্গল হ’ব, দেশৰো উন্নতি হ’ব।”
-“কিন্তু উঠি অহা ল’ৰা-ছোৱালীহঁতে বুজিলেহে।”
-“হয় দিয়ক, আমি নিজ চকুৰে দেখা খেতি পথাৰ, বাৰীৰ আম
কঠাল- সকলো সাধুকথা যেন হ’ল।”
ৰূপমে মাক দেউতাকৰ কথোপকথনত ভাগ নলৈ জিৰাবলৈ লাহেকৈ উঠি গ'ল।
❖❖❖❖