পৃষ্ঠা:উৰহি গছৰ ওৰ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আকাশী বেলুন

লৰি আহিল। এইবাৰো তেওঁলোক সফল হ’ল। পেৰিচৰ ওখ ওখ অট্টালিকাৰ ওপৰেৰে লাহে লাহে বেলুন উৰি গৈ থাকিল আধা ঘন্টা মান। তাৰপিছত হানি বিঘিনি নোহোৱাকৈ আহি তল পালেহি। সেই দিনটো আছিল ১৭৮৩ চনৰ ২১ নবেম্বৰ। ই পৃথিৱীৰ বুৰঞ্জীত ৰৈ গ’ল।”

 নয়নে মনৰ উলাহতে চিঞৰিলে- “কম নহয় দেই-।”

 –“শুন; তাৰ দহদিনৰ পিছতে আক’ আৰু উত্তম কৰি মানুহ যোৱা বেলুন ঠিক কৰিলে। এইবাৰ বেলুনত গ’ল বিজ্ঞানৰ জ্ঞান থকা পণ্ডিত চাৰ্লচ নামৰ এজন। তেওঁ লগত আৰু এজন ললে। বেলুনত গৰম বায়ু ভৰাই এৰি দিলে। চাবলৈ দুই লাখ মান মানুহ গোট খালে। পিছে ডাঙৰ কথা এটাও হৈছিল। দুয়োজন আকাশত উৰি উৰি মাটিলৈ নমাৰ সময়ত এজন নামি আহিল। চাৰ্লচ নামিবলৈ নৌ পাওঁতেই ওজন পাতল হোৱাত বেলুন গৈ আকৌ আকাশ পালেগৈ৷ ইফালে নিশা হৈ আহিল। মানুহৰ হৈ চৈ লাগিল। চাৰ্লচৰ ভয়ত জীউ ওলাব লগীয়া হ’ল। ভাগ্যে যেনিবা বহু পৰৰ মূৰত বিপদ নোহোৱাকৈ মাটিত নামিব পাৰিলে। চাৰ্লচে নামিয়ে জীৱনত আৰু বেলুনত নুঠো বুলি শপত খালে।”

 গোটেই কেইটাই হাঁহিৰ খলকনি তুলিলে। নয়নে কিন্তু প্ৰশ্ন কৰিলে-

 -“দেউতা, দুটা মানুহ কেনেকৈ নপৰাকৈ যাব পাৰিলে?”

 দেউতাকে ক’লে- “আচলতে গৰম বায়ু বতাহতকৈ বহুত পাতল। গতিকে বতাহে যেনি তেনি লৈ যাব পাৰে, মানুহ অনায়েসে তেনেই